গুৱাহাটী : দেশৰ বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ ভিতৰত কোন কিমান ধনী ? কোন মুখ্যমন্ত্ৰীৰ হাতত কিমান সম্পত্তি আছে ? আটাইতকৈ দুখীয়া মুখ্যমন্ত্ৰী কোন ? এই তথ্যবোৰ জানিবলৈ নিশ্চয় আপুনিও উৎসুক । তেনেহ'লে জানক কোন ৰাজ্যৰ মুখ্যমন্ত্ৰী কিমান ধনী । এই তথ্য প্ৰকাশ কৰিছে এ ডি আৰে ।
দেশৰ আটাইতকৈ ধনী মুখ্যমন্ত্ৰী কোন
এছোচিয়েচন ফৰ ডেম'ক্ৰেটিক ৰিফৰ্ম চমুকৈ এ ডি আৰে সোমবাৰে প্ৰকাশ কৰিছে কোন ৰাজ্যৰ মুখ্যমন্ত্রী কিমান টকাৰ সম্পত্তিৰ মালিক । এ ডি আৰৰ তথ্য অনুসৰি, দেশৰ আটাইতকৈ ধনী মুখ্যমন্ত্ৰী হৈছে অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডু । এ ডি আৰৰ তথ্য অনুসৰি, তেলেগু দেশম পাৰ্টীৰ নেতাগৰাকীৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছে ৩৯১ কোটি টকা । অৰ্থাৎ চন্দ্ৰবাবু নাইডু ৩৯১ কোটি টকাৰ সম্পত্তিৰ মালিক ।
আটাইতকৈ দুখীয়া মুখ্যমন্ত্ৰী কোন
আনহাতে, এ ডি আৰৰ তথ্য অনুসৰি দেশৰ ভিতৰত আটাইতকৈ দুখীয়া মুখ্যমন্ত্ৰী হৈছে বংগ কন্যা । তৃণমূলৰ নেত্ৰী তথা পশ্চিমবংগৰ মুখ্যমন্ত্ৰী হৈছে দেশৰ ভিতৰত আটাইতকৈ দুখীয়া মুখ্যমন্ত্ৰী । এ ডি আৰৰ তথ্য মতে, মমতাৰ আছে মাত্ৰ ১৫ লাখ টকাৰ সম্পত্তি ।
অসমৰ মুখ্যমন্ত্ৰী কিমান ধনী
ইফালে এ ডি আৰে প্ৰকাশ কৰা দেশৰ শীৰ্ষ ১০ ধনী মুখ্যমন্ত্ৰীৰ তালিকাত স্থান লাভ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই । এ ডি আৰৰ প্ৰকাশিত তথ্য মতে, দেশৰ শীৰ্ষ ১০ ধনী মুখ্যমন্ত্ৰীৰ তালিকাত হিমন্ত বিশ্ব শৰ্মাৰ স্থান হৈছে নৱম । হিমন্ত বিশ্ব শৰ্মাৰ মুঠ ১৭ কোটি টকা মূল্যৰ সম্পত্তি আছে ।
শীৰ্ষ ১০ ধনী মুখ্যমন্ত্ৰীৰ তালিকাত কোন কোন আছে
টিডিপি নেতা চন্দ্রবাবুৰ পিছত দেশৰ শীৰ্ষ ধনী মুখ্যমন্ত্ৰীৰ তালিকাত দ্বিতীয় স্থানত আছে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু । তেওঁৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছে ৩৩২ কোটি মূল্যৰ । অৱশ্যে আটাইতকৈ ঋণগ্ৰস্ত মুখ্যমন্ত্ৰীও হৈছে পেমা খাণ্ডু । তেওঁৰ মুঠ ঋণৰ পৰিমাণ হৈছে ১৮০ কোটি টকা ।
তৃতীয় স্থানত আছে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্দাৰামাইয়া । সিদ্দাৰামাইয়াৰ মুঠ ৫১ কোটিৰ সম্পত্তি আছে । আনহাতে, তেওঁ হৈছে দেশৰ দ্বিতীয় সৰ্বাধিক ঋণগ্ৰস্ত মুখ্যমন্ত্ৰী । তেওঁৰ ২৩ কোটি টকাৰ ঋণ আছে ।
চতুৰ্থ ধনী মুখ্যমন্ত্ৰী হৈছে নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিঅ' ৰিঅ' । তেওঁৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছে ৪৬ কোটি টকা ।
দেশৰ ধনী মুখ্যমন্ত্ৰীৰ তালিকাত পঞ্চম স্থানত আছে মোহন যাদৱ । মধ্যপ্ৰদেশৰ বিজেপি মুখ্যমন্ত্ৰীগৰাকী ৪২ কোটি টকা সম্পত্তিৰ মালিক ।
ষষ্ঠ স্থানত আছে পুডুচেৰীৰ মুখ্যমন্ত্ৰী এন ৰংগস্বামী । ৰংগস্বামী ৩৮ কোটি টকাৰ সম্পত্তিৰ গৰাকী ।
সপ্তম স্থানত তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডী (৩০ কোটি), অষ্টম স্থানত ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেন (২৫ কোটি) আৰু দশম স্থানত আছে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা (১৪ কোটি) ।
শীৰ্ষ ১০ দুখীয়া মুখ্যমন্ত্ৰীৰ তালিকাত কোন কোন আছে
দেশৰ দ্বিতীয় সৰ্বাধিক দুখীয়া মুখ্যমন্ত্ৰী হৈছে জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লা । ওমৰ আব্দুল্লাৰ আছে মুঠ ৫৫ লাখ টকাৰ সম্পত্তি ।
তৃতীয় সৰ্বাধিক দুখীয়া মুখ্যমন্ত্ৰী কেৰালাৰ পিনাৰায় বিজয়নৰ মুঠ সম্পত্তিৰ মূল্য হৈছে ১.১৮ কোটি ।
আনহাতে, চতুৰ্থ দুখীয়া মুখ্যমন্ত্ৰী হৈছে দিল্লীৰ মুখ্যমন্ত্ৰী আতিশী মাৰ্লেনা (১.৪১ কোটি), পঞ্চম ৰাজস্থানৰ মুখ্যমন্ত্ৰী ভজনলাল শৰ্মা (১.৪৬ কোটি), ষষ্ঠ মণিপুৰৰ মুখ্যমন্ত্ৰী বীৰেণ সিং (১.৪৭ কোটি), সপ্তম উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ (১.৫৪), অষ্টম বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ (১.৬৪ কোটি), নৱম স্থানত পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান (১.৯৭ কোটি) আৰু আটাইতকৈ দুখীয়া মুখ্যমন্ত্ৰীৰ শীৰ্ষ ১০ তালিকাত দশম স্থানত আছে ওড়িশাৰ মুখ্যমন্ত্ৰী মোহন চৰণ মাঝি (১.৯৭ কোটি) ।