ধেমাজি : শিলৰ টুকুৰা,প্লাষ্টিক আৰু কাঠৰ টুকুৰা আদি নিৰ্জীৱ সামগ্ৰীয়ে যেতিয়া প্ৰাণ পাই উঠে তেতিয়া ক'ব পাৰে ইতিহাসৰ কথা । চালে চকুৰোৱা দৃষ্টিনন্দন এই সামগ্ৰীবোৰ প্ৰাণ পাই উঠে কোনোবা ভাস্কৰ্য শিল্পীৰ চিন্তা চেতনাত ৷ এগৰাকী ভাস্কৰ্য শিল্পীৰ চিন্তা আৰু সৃষ্টিশীলতাই দাঙি ধৰিব পাৰে সমন্বয় আৰু সুন্দৰ আৰু ঐতিহাসিক ধাৰণাৰ বিষয়ে ৷
এনে এক সৃষ্টিশীল মন লৈয়ে এই শিল্প কৰ্মৰ লগত জড়িত হৈ আহিছে ধেমাজি নগৰৰ দুই নং ভৰালীচুক গাঁৱৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ শিক্ষক প্ৰবীৰ গগৈ ৷ তেওঁ 2012 চনৰে পৰা এই কামত জড়িত হৈ ইতিমধ্যে 70ৰ অধিক মূৰ্তি নিৰ্মাণ কৰি জিলাখনৰ ঐতিহাসিক স্থানসমূহৰ উপৰি বাহিৰলৈ প্ৰেৰণ কৰিছে ৷ বিভিন্ন সময়ত তেওঁৰ হাতলৈ অৰ্ডাৰ অহাৰ পিছত ঘৰৰ চোতালত দিনে-নিশায়ে ব্যস্ত হৈ পৰে আৰু আজৰি সময়ত নিজৰ ঘৰৰ বাবে দুই এপদ সামগ্ৰী নিৰ্মাণ কৰি উলিয়াই আনন্দ লাভ কৰে ৷ সেয়ে শিল্পীগৰাকীৰ ঘৰৰ বাহিৰে-ভিতৰে বিৰাজমান হৈ আছে বৌদ্ধ মূৰ্তিৰ পৰা শংকৰদেৱৰ ভাস্কৰ্য চিত্ৰলৈকে ৷
এই প্ৰসংগত প্ৰবীৰ গগৈয়ে কয়,“ মই 2012 চনৰে পৰা কাম আৰম্ভ কৰিছো ৷ মই প্ৰথমে নাটক শিকিছিলো ৷ গুৱাহাটীৰ কলাক্ষেত্ৰত নাটকৰ কৰ্মশালা কৰোতে মুখাশিল্পৰ সৈতে পৰিচয় ঘটে ৷ ইয়াৰ পৰাই কিছুমান কাম কৰিব পাৰি বুলি অনুমান কৰি ঘৰত আহি শিকিছিলো ৷ ধেমাজিৰ কেইজনমান চিত্ৰশিল্পত জড়িত বিশিষ্ট ব্যক্তি ক্ৰমে ড৹ পুষ্প গগৈ,অসীম দত্ত,ৰজনী সন্দিকৈ,সূৰ্য বৰুৱাৰ দৰে ব্যক্তিসকলৰ পৰা অনুপ্ৰেৰণা লাভ কৰি আগবাঢ়িছিলো ৷ "
তেওঁ পুনৰ কয়," লকডাউনৰ সময়ত ধেমাজিৰ ঐতিহাসিক ঘুগুহা দলত চাৰিটা কংক্ৰিটৰ ড্ৰেগন নিৰ্মাণ কৰা হৈছিল ৷ এতিয়ালৈকে 70ৰ অধিক বিভিন্ন থিমৰ আৰ্হিত সামগ্ৰী নিৰ্মাণ কৰা হৈছে ৷" এই কামটো কৰি সুখী অনুভৱ কৰি তেওঁ কয়, “ ই সৃষ্টিশীল কাৰ্য,গতিকে ইয়াৰ প্ৰভাৱ সমাজত পৰিবই ৷ যিহেতু বস্তুবোৰ নিৰ্মাণ কৰা দেখিলে বিভিন্নজনে আৰু ওচৰ-চুবুৰীয়াই আহি চাই সন্তুষ্টি লভা দেখিবলৈ পোৱা য়ায় ৷ গতিকে সমাজত ভাল প্ৰভাৱ পৰিব ।”
ভাস্কৰ্য শিল্পীৰ বাবে বজাৰৰ অভাৱ :
ধেমাজিত আঙুলিৰমূৰত গণিব পৰা কেইজনমান এনে শিল্পী আছে যদিও বজাৰৰ অভাৱত সমস্যাৰ সন্মুখীন হৈ অহা বুলি তেওঁ উল্লেখ কৰি কয়,“ধেমাজিত এতিয়ালৈকে এনে এখন বজাৰ নাই ৷ যিটো মূল্য পাব লাগে সেয়া পাবলৈ ধেমাজিত বজাৰ গঢ় লৈ উঠা নাই ৷ লাহে লাহে হৈছে ৷ ধেমাজিতো বিভিন্নজনে কাম কৰি আছে ৷ কিন্তু সময় লাগিব ৷”
ছাত্ৰ ছাত্ৰী সমাজলৈ ইতিবাচক বাৰ্তা:
এনে কাৰ্য ছাত্ৰ-ছাত্ৰী সমাজলৈ ইতিবাচক বাৰ্তা বুলি উল্লেখ কৰি তেওঁ কয়,“যেতিয়া সৃষ্টিশীল কাম কৰা হয়,তেতিয়ৰ আনন্দ পোৱা যায় । তেতিয়া সেই আনন্দই এজন ছাত্ৰ বা উঠি অহা প্ৰজন্মৰ ওপৰত ভাল প্ৰভাৱ পেলায় ৷ কেৱল পুথিগত শিক্ষাটোৱেই সম্পূৰ্ণ নহয়,এনেধৰণৰ শিল্পকলা বিলাক চৰকাৰে সংযুক্ত কৰিলে নিঃসন্দেহে ভাল হ’ব ৷ একাগ্ৰতাৰে কৰি থাকিলে এই কামতো জীয়াই থকাৰ সম্বল হিচাপে গ্ৰহণ কৰিব পাৰি ৷ সেয়ে চৰকাৰে এইক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰিলে এনেধৰণৰ শিল্পী সমাজে উৎসাহী হৈ পৰিব ৷"