জোনাই : অসমৰ মাটি যে সাৰুৱা, সেয়া হয়তো কাকো দুনাই কোৱাৰ প্ৰয়োজন নাই ৷ এই সাৰুৱা মাটিত চহা খেতিয়কৰ হাতৰ পৰশত যি খেতিয়ে কৰা যায়, সকলো খেতিয়ে লহপহকৈ বাঢ়ি আহে ৷ এই সাৰুৱা মাটিত খেতি কৰিও নিজৰ লগতে আন দহজনৰ বাবেও যে স্বাৱলম্বিতাৰ বাট মুকলি কৰিব পাৰি তাৰেই প্ৰমাণ দেখুৱাইছে জোনাইৰ বানে ধোঁৱাটাৰী বস্তিৰ বগীনদীৰ এজন চহা কৃষকে ৷
বগীনদীৰ এটা বৃহত্তৰ অঞ্চল হালধীয়া হৈ পৰিছে ৷ যেনিয়ে চকু গৈছে, তেনিয়েই কেৱল সৰিয়হৰ হালধীয়া ফুল ৷ এক অপূৰ্ব, দৃষ্টিনন্দন পৰিৱেশ ৷ যেন প্ৰকৃতিয়ে এখন দলিচাহে পাৰি দিছে এই ধৰণীত । চিয়াং নদীৰ প্ৰান্তলৈ অহা প্ৰতিজন পৰ্যটক তথা বনভোজকাৰী দলক হালধীয়া ৰঙৰ সৰিয়হৰ অভূতপূৰ্ব এই নান্দনিক দৃশ্যই এতিয়া মন্ত্ৰমুগ্ধ কৰি তুলিছে ।
কেৱল পৰ্যটক তথা বনভোজকাৰীৰ বাবেই যে সেয়া তেনে নহয়; প্ৰাপ্তিৰ হাঁহি বিৰিঙিছে চহা কৃষকসকলৰ মুখতো । বাৰিষা কালত ধান খেতি কৰিব নোৱাৰিলেও খৰালিৰ সৰিয়হডৰাই খেতিয়কৰ মনত এক আনন্দৰ লহৰ তুলিবলৈ সক্ষম হৈছে ।
লগতে পঢ়ক : মাজুলীত প্ৰাক্তন আলফা কেডাৰৰ কৃষি বিপ্লৱ লগতে পঢ়ক : কৃষিকৰ্মৰে স্বাৱলম্বিতাৰ বাট বুলিছে এগৰাকী উদ্যমী মহিলাই |
জোনাইৰ এজন চহা খেতিয়ক ৷ নাম ধনাকান্ত বৰ্মন ৷ সহজ-সৰল মনৰ অধিকাৰী ধনাকান্তই চৰকাৰী সুবিধা বা আঁচনিৰ বাবে বাট নাচাই নিজৰ গাঠিৰ ধন ভাঙি কৰি গৈছে খেতি ৷ কেৱল সৰিয়হেই নহয়, ধনাকান্ত বৰ্মনে কৰিছে আলু, মটৰ, লাই, মূলা, বন্ধাকবি আদিৰ খেতিও ৷ বিভিন্ন ৰবি শস্যৰে এতিয়া নদন-বদন হৈ পৰিছে ধনাকান্তৰ খেতি পথাৰ ৷ কেৱল নিজেই নহয়, আন কেবাজনো লোকক তেওঁ সংস্থাপনৰ বাট মুকলি কৰি দিছে ৷
সাংবাদিকে ধনাকান্ত বৰ্মনক চৰকাৰী আঁচনি বা সুবিধাসমূহ লাভ কৰিছে নে নাই এই সন্দৰ্ভত প্ৰশ্ন কৰাত বৰ্মনে ক'লে, ‘‘পুৱাই খেতিডৰালৈ আহো, ইয়াতে থাকো দিনটো, ইয়াতেই খাওঁ ৷ চৰকাৰী অফিচলৈ যাবলৈ সময় লাগে, সেয়ে যোৱাই নাই ৷ গাঁৱৰ মানুহে কয়- চৰকাৰী সুবিধা লোৱাৰ কথা, কিন্তু মানুহো চিনি নাপাও ৷ কোনোবা যদি চৰকাৰী মানুহ নিজে আহে, তেতিয়া আৰু বেলেগ কথা ৷’’