নতুন দিল্লী : সীমান্ত-গাভাস্কাৰ ট্ৰফীৰ বাবে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হৈছে ৫খন খেলৰ টেষ্ট শৃংখলা । শেহতীয়াকৈ মেলবৰ্ণত সমাপ্ত হোৱা চতুৰ্থ টেষ্টত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল ভাৰতে । এই মেচখনৰ প্ৰথম ইনিংছত অষ্ট্ৰেলিয়াৰ অভিজ্ঞ বেটছমেন ষ্টিভ স্মিথে নিজৰ কেৰিয়াৰৰ ৩৪ সংখ্যক টেষ্ট শতক অৰ্জন কৰে । ইয়াৰ লগে লগে তেওঁ নিজৰ নামত এটা ডাঙৰ অভিলেখ গঢ়িলে, ভাৰতৰ বিৰুদ্ধে ৰেডবল ক্ৰিকেটত সৰ্বাধিক শতক অৰ্জন কৰা বেটছমেন হৈ পৰিল ।
এম চি জিত তেওঁ যি শতক অৰ্জন কৰিছিল ভাৰতৰ বিৰুদ্ধে তেওঁৰ একাদশ শতক, যিটো নিজৰ বাবে এক অভিলেখ । ভাৰতীয় দলৰ বিৰুদ্ধে ইমান টেষ্টত শতক অৰ্জন কৰা নাই আন কোনো খেলুৱৈয়ে । ভাৰতৰ বিৰুদ্ধে তেওঁৰ ১১টা শতক টেষ্ট ক্ৰিকেটৰ যিকোনো খেলুৱৈৰ সৰ্বাধিক । টিম ইণ্ডিয়াৰ বিৰুদ্ধে ১০টা টেষ্ট শতক অৰ্জন কৰা ইংলেণ্ডৰ জো ৰুটক এৰি থৈ যায় ।
11 Test 100s for Steve Smith against India! More than anyone else in history 👏 #AUSvIND | #MilestoneMoment | @nrmainsurance pic.twitter.com/SO8tnwPds4
— cricket.com.au (@cricketcomau) December 27, 2024
- টেষ্ট ক্ৰিকেটৰ ইতিহাসত ভাৰতৰ বিৰুদ্ধে সৰ্বাধিক শতক অৰ্জন কৰা শীৰ্ষ ১০ খেলুৱৈৰ বিষয়ে জনাওক :
১/ ষ্টিভ স্মিথ
অষ্ট্ৰেলিয়াৰ সোঁহাতৰ অভিজ্ঞ বেটছমেন ষ্টিভ স্মিথে ভাৰতৰ বিৰুদ্ধে সৰ্বাধিক শতক অৰ্জন কৰিছে । ২৩খন মেচৰ ৪৪ ইনিংছত তেওঁৰ নামত ১১টা শতক আছে ।
২/ জো ৰুট
এই তালিকাৰ দ্বিতীয় স্থানত আছে ইংলেণ্ডৰ টেষ্ট বিশেষজ্ঞ বেটছমেন জো ৰুট, যিয়ে ভাৰতৰ বিৰুদ্ধে ৩০খন টেষ্ট মেচৰ ৫৫ ইনিংছত ১০টা শতক অৰ্জন কৰিছে ।
৩/ ছাৰ গেৰী ছ’বাৰ্ছ
গ্ৰেট ৱেষ্ট ইণ্ডিজৰ বেটছমেন ছাৰ গেৰী ছ’বাৰ্ছে ভাৰতৰ বিৰুদ্ধে ১৮ খন টেষ্ট মেচৰ ৩০ ইনিংছত ৮টা শতক অৰ্জন কৰিছে ।
৪/ ভিভিয়ান ৰিচাৰ্ডছ
ৱেষ্ট ইণ্ডিজৰ প্ৰাক্তন ক্ৰিকেটাৰ ভিভ ৰিচাৰ্ডছে ভাৰতৰ বিৰুদ্ধে ২৮খন টেষ্ট মেচৰ ৪১ ইনিংছত ৮টা শতক অৰ্জন কৰিছে আৰু এই তালিকাত চতুৰ্থ স্থানত আছে ।
৫/ ৰিকি পণ্টিং
এই তালিকাত ৫ম স্থানত আছে অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অধিনায়ক ৰিকি পণ্টিং । ভাৰতৰ বিৰুদ্ধে ২৯খন টেষ্ট মেচৰ ৪১ ইনিংছত ৮টা শতক অৰ্জন কৰিছে পণ্টিঙে ।
৬/ এভাৰটন উইকছ
ৱেষ্ট ইণ্ডিজৰ প্ৰাক্তন ক্ৰিকেটাৰ এভাৰটন উইকছে ভাৰতৰ বিৰুদ্ধে ১০খন টেষ্ট মেচৰ ১৫ ইনিংছত ৭টা শতক অৰ্জন কৰিছে ।
৭/ জেক কালিছ
দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন অল ৰাউণ্ডাৰ জেক কালিছে ভাৰতৰ বিৰুদ্ধে ১৮ খন খেলৰ ৩১ ইনিংছত নিজৰ নামত ৭ শতক অৰ্জন কৰিছে ।
৮/ মাইকেল ক্লাৰ্ক
অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অধিনায়ক মাইকেল ক্লাৰ্কে ভাৰতৰ বিৰুদ্ধে ২২খন খেলৰ ৪০টা ইনিংছত ৭টা শতক অৰ্জন কৰিছে ।
৯/ শিৱনাৰীণ চন্দ্ৰপৌল
ৱেষ্ট ইণ্ডিজৰ প্ৰাক্তন বাওঁহাতৰ ক্ৰিকেটাৰ শিৱনাৰিন চন্দ্ৰপলে ভাৰতৰ বিৰুদ্ধে ২৫খন খেলৰ ৪৪ ইনিংছত ৭টা শতক অৰ্জন কৰিছে ।
১০/ ক্লাইভ লয়ড
ৱেষ্ট ইণ্ডিজৰ অন্যতম মহান অধিনায়ক ক্লাইভ লয়ডে ভাৰতৰ বিৰুদ্ধে ২৮খন খেলৰ ৪৪ ইনিংছত ৭টা টেষ্ট শতক অৰ্জন কৰিছে ।