ETV Bharat / state

হাতী-বান্দৰৰ উপদ্ৰৱৰ পৰা লাগে পৰিত্ৰাণ? তিতাবৰৰ কৃষকে উলিয়ালে সমাধান - MONKEY TERROR IN JORHAT

বান্দৰৰ উপদ্ৰৱত অতিষ্ঠ নেকি ? এতিয়া চিন্তা নাই । কাৰণ ষন্ত্ৰৰ শব্দৰে খেদিব পাৰিব কপিকুল ।

Monkey chase machine in Jorhat
বান্দৰ আৰু হাতী খেদা যন্ত্ৰ সাজিছে যোৰহাটৰ কৃষকে (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Dec 31, 2024, 11:46 AM IST

যোৰহাট : কপিকুলৰ উপদ্ৰৱত ত্ৰাহি মধুসূধন সুঁৱৰিছে যোৰহাটবাসীয়ে । জিলাখনৰ বিভিন্ন অঞ্চলত গঞাই আনকি বান্দৰৰ উপদ্ৰৱৰ বাবে সোণৰ আ-অলংকাৰৰ দৰে বাকচ-আলমিৰাত ৰন্ধা ভাত, দাইল আদি খাদ্যবস্তু সযতনে ৰাখিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে । দিনটোৰ যিকোনো সময়ত হঠাতে আহি ওলাই জাক-জাক বান্দৰ আৰু এফালৰ পৰা তহিলং কৰে ফল-মূল, ধাননি পথাৰ, ৰন্ধা ভাত আদি । কৃষকসকলে এতিয়া বান্দৰৰ আতংকত ভুগিছে ।

কেৱল বান্দৰেই নে ? হাতীয়েও উপদ্ৰৱ চলাইছে নেকি আপোনাৰ অঞ্চলত ? এতিয়া আৰু চিন্তা নাই । বান্দৰ আৰু হাতী খেদা যন্ত্ৰ সাজি উলিয়াইছে যোৰহাটৰ এগৰাকী কৃষকে ।

বান্দৰ আৰু হাতী খেদা যন্ত্ৰ সাজিছে যোৰহাটৰ কৃষকে (ETV Bharat Assam)

যোৰহাট জিলাৰ অন্তৰ্গত তিতাবৰত অব্যাহত থকা হাতী-মানুহৰ সংঘাত আৰু বান্দৰে ঘৰ তহিলং কৰা লোকসকলৰ বাবে আহিছে এই সুখবৰ । এই সুখবৰ আনিছে এগৰাকী চহা কৃষকে । তিতাবৰৰ এগৰাকী চহা কৃষকে উদ্ভাৱন কৰিছে চমকপ্ৰদ এক যন্ত্ৰ । নামচুঙী, বৰবাম চুঙী, ভগনীয়া, কুহুন, বালিজান, চুঙীৰ লগতে তিতাবৰৰ কেইবাখনো গাঁৱত প্ৰায় পাঁচ-ছয় হাজাৰ বান্দৰে চলাই আহিছে উপদ্ৰৱ । বান্দৰৰ উপদ্ৰৱৰ পৰা ৰক্ষা পাবলৈ সাজি উলিয়াইছে এই বিশেষ যন্ত্ৰটো ।

বিকট শব্দ ওলোৱাৰ পাছতে পলাই পত্ৰং দিয়ে বান্দৰে :

সদায় বান্দৰৰ উপদ্ৰৱ সহ্য কৰিব নোৱাৰি নিজৰ উদ্ভাৱনী চিন্তাৰ প্ৰয়োগেৰে কৃষকগৰাকীয়ে সাজি উলিয়ালে বান্দৰ আৰু হাতী খেদা এক বোমাসদৃশ যন্ত্ৰ । কৃষিকৰ্ম কৰি জীৱন নিৰ্বাহ কৰা তিতাবৰৰ বৰবাম চুঙীৰ কৃষক ৰাজীৱ শইকীয়াই উদ্ভাৱন কৰিছে এই যন্ত্ৰটো । কোনো কাৰিকৰী শিক্ষা নথকা চহা কৃষক ৰাজীৱ শইকীয়াৰ প্ৰতিভা তথা উদ্ভাৱনী শক্তিৰে এতিয়া সকলোকে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে । এই প্ৰসংগত তেওঁ কয়," কেৱল এটুকুৰা পি ভি চি পাইপ আৰু এটা গেছ লাইটাৰৰ সহায়েৰে সাজি উলিওৱা যন্ত্ৰটোৰ পৰা ওলোৱা বিকট শব্দ পাইপেৰে বাহিৰলৈ ওলোৱাৰ পাছতে পলাই পত্ৰং দিয়ে বান্দৰে । পাইপত অকণমান পানী আৰু এবিধ পদাৰ্থ সুমুৱাই লাইটাৰত টিপা মাৰিলে আপোনাআপুনি ওলাব বিকট শব্দ । ইয়াৰ বাবে বেছি খৰচো নহয় । মই ভাবো এই যন্ত্ৰটো সকলোৱে ঘৰে ঘৰে ৰাখিবলৈ ইচ্ছা কৰিব ।"

মিতব্যয়িতাৰে সাজি উলিওৱা যন্ত্ৰটোৰ পৰা পাঁচ মিনিটত পাঁচবাৰ ফুটাব পাৰি । শব্দৰ প্ৰাবল্য ইমানেই বেছি যে যন্ত্ৰটোৰ পৰা ওলোৱা শব্দ শুনা মাত্ৰেই বান্দৰ আৰু হাতী সেই ঠাই ভয়তে এৰিব । ইতিমধ্যে বিভিন্নজনে এই যন্ত্ৰ বিচাৰি অৰ্ডাৰ দিছে ।

কৃষিকৰ্ম কৰি ঘৰ চলাই অহা এইগৰাকী কৃষকে চৰকাৰৰ সহায় তথা আৰ্থিক সহযোগিতা পালে ইয়াতকৈও ভালকৈ বনাব পাৰিব বুলি জানিবলৈ দিছে । এই যন্ত্ৰৰ সহায়েৰে বান্দৰৰ উপদ্ৰৱৰ পৰা ৰাইজে সকাহ পাব বুলি আশাবাদী ৰাজীৱ শইকীয়া ।

লগতে পঢ়ক:নিত্য নতুন উদ্ভাৱনেৰে সৃষ্টিৰ যাত্ৰাপথৰ অক্লান্ত পথিকগৰাকীৰ কথা - PADMA SHRI UDDHAB BHARALI

আলহী পক্ষী-হলৌ বান্দৰে মুগ্ধ কৰিছে পৰ্যটকক - MIGRATORY BIRD IN TINSUKIA

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.