পুত্ৰ হোম আইচ'লেশ্যনত, প্ৰশাসনে কৰিলে মাতৃৰ অন্তিত সৎকাৰ - ত্ৰিপুৰা ক’ভিড
পুত্ৰ ক'ভিডত আক্ৰান্ত হৈ হোম আইচ'লেশ্যনত থকাৰ বাবে ত্ৰিপুৰাত প্ৰশাসনে কৰিলে এগৰাকী বৃদ্ধাৰ অন্তিত সৎকাৰ । ক'ভিডত আক্ৰান্ত হৈ মৃত্যু হোৱাৰ সন্দেহত বৃদ্ধাগৰাকীৰ জীয়েক তথা আত্মীয় আৰু স্থানীয় লোকো নাহিল অন্ত্যেষ্টিক্ৰিয়ালৈ ।
নেশ্যনেল ডেস্ক, ২৫মে': পশ্চিম ত্ৰিপুৰাত অতি দুখ লগা ঘটনা । পৰিয়ালৰ লোক থকা পিছতে জিলা প্ৰশাসন তথা স্বেচ্ছাসেৱী সংগঠনে এগৰাকী বৃদ্ধাৰ অন্তিম সৎকাৰ কৰিবলগীয়া হয় । জানিব পৰা মতে, সন্ধ্যা ৰাণী ৰয় নামৰ ৮৭ বছৰীয়া মহিলাগৰাকীয়ে ৭ নং ৰামনগৰ পথত অৱস্থিত তেওঁৰ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে ।
কিন্তু, বৃদ্ধাগৰাকীৰ পৰিয়ালৰ কোনো সদস্যই অন্তিম সৎকাৰত বাবে উপস্থিত হ'ব নোৱাৰিলে । কিয়নো তেওঁৰ পুত্ৰ ক'ভিডত আক্ৰান্ত হৈ আছে । বৃদ্ধাগৰাকীও কৰ'ণাত আক্ৰান্ত হৈ মৃত্যু হোৱাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে । যাৰ বাবে অন্ত্যেষ্টিক্ৰিয়াত অংশগ্ৰহণ নকৰিলে স্থানীয় লোকসকলে ।
এগৰাকী স্থানীয় লোকে জনোৱা মতে বৃদ্ধাগৰাকীৰ পুত্ৰ ক'ভিডত আক্ৰান্ত হোৱাৰ পিছতে ঘৰটো কণ্টেইমেন্ট জ'ন ঘোষণা কৰিছিল । যাৰ বাবে স্থানীয় লোকসকলেও ঘৰলৈ যাব পৰা নাছিল । তেওঁৰ মৃত্যুৰ বাতৰি আত্মীয়সকলে নিশ্চিত কৰাৰ পিছত স্থানীয় লোকসকলে আৰক্ষী আৰু অসামৰিক প্ৰশাসনক অৱগত কৰিছে । সূত্ৰৰ পৰা জানিব পৰা মতে ক'ভিডত আক্ৰান্ত হৈ মৃত্যু হোৱাৰ সন্দেহত বৃদ্ধাগৰাকীৰ জীয়েক আৰু আন আত্মীয়সকলেও অন্ত্যেষ্টিক্ৰিয়াত অংশগ্ৰহণ নকৰিলে ।
ইফালে উপায়ুক্ত অসীম সাহাই জনোৱা মতে, এজন স্থানীয় চিকিৎসকে বৃদ্ধাগৰাকীৰ মৃত্যুৰ প্ৰমাণ পত্ৰ জাৰি কৰিছে কিন্তু তাত মৃতকৰ ক'ভিড-১৯ৰ অৱস্থিতিৰ বিষয়ে স্পষ্টকৈ কোনো উল্লেখ নাই সেয়ে প্ৰশাসনে ক'ভিড নিৰ্দেশনা অনুসৰি অন্তিম সৎকাৰ কৰাৰ সিদ্ধান্ত লৈছে ।
লগতে পঢ়ক:তেলেংগানাত আৰম্ভ দ্বিতীয় পালি প্ৰতিষেধক প্ৰদান কাৰ্যসূচী