সাধাৰণ কথাতে কনিষ্ঠ ভাতৃয়ে ঘপিয়াই হত্যা কৰিলে জ্যেষ্ঠ ভাতৃক - DIGBOI MURDER CASE

By ETV Bharat Assamese Team

Published : Jun 22, 2024, 12:15 PM IST

thumbnail
সাধাৰণ কথাতে কনিষ্ঠ ভাতৃয়ে ঘপিয়াই হত্যা কৰিলে জ্যেষ্ঠ ভাতৃক (ETV BHARAT ASSAM)

তিনিচুকীয়া, ২২ জুন : তিনিচুকীয়া জিলাৰ ডিগবৈত শুকুৰবাৰে নিশা চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত হৈছে ৷ এই ঘটনাটো ডিগবৈৰ তিনি নম্বৰ বৰবিলৰ দুৰ্গা মন্দিৰৰ সমীপত সংঘটিত হয় । ভাতৃ আনন্দ চুৰেণৰ চোকা দাৰ ঘাপত থিতাতে নিহত হয় ককায়েক অজয় চুৰেণ ৷ দুই ককাই-ভায়েকৰ কাজিয়াৰ পৰিণতিতে সংঘটিত হয় এই হত্যাকাণ্ডটো ।

পৰিয়ালৰ লোকে জানিবলৈ দিয়া অনুসৰি, পতি-পত্নীৰ মাজত ম’বাইলক লৈ সৃষ্টি হোৱা কাজিয়া শুনি জ্যেষ্ঠ ভাতৃ অজয় চুৰেণে কাজিয়া কিয় হৈছে বুলি ওলাই আহি মাত দিয়ে ৷ যাৰ বাবে আনন্দ চুৰেণে ভাতৃক চোকা দাৰে আঘাত কৰে ৷ তাৰ পাচতে উক্ত স্থানৰ পৰা পলায়ন কৰে আনন্দ  ৷

পৰৱৰ্তী সময়ত ঘটনাস্থলীত ডিগবৈ আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰে ৷ তাৰ পাচত মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰি তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে ৷

লগতে পঢ়ক: নগাঁৱৰ কন্দলীত হত্যাকাণ্ড; ৰহস্যজনক অৱস্থাত বাগানৰ মাজত উদ্ধাৰ যুৱকৰ মৃতদেহ - Nagaon murder case

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.