অমৃত সৰোবৰত পৰি বনৰীয়া হাতী পোৱালিৰ মৃত্যু - Wild elephant calf dies - WILD ELEPHANT CALF DIES
🎬 Watch Now: Feature Video
Published : Sep 5, 2024, 9:12 PM IST
মৰাণ, 5 ছেপ্টেম্বৰ: চৰাইদেউ জিলাৰ সোণাৰিত অমৃত সৰোবৰত পৰি মৃত্যু বনৰীয়া হাতী পোৱালিৰ । মৃত হাতী পোৱালিটোৰ বয়স প্ৰায় এমাহ বুলি সন্দেহ কৰা হৈছে । সোণাৰিৰ ১নং গোৱালা পথাৰৰ নগানদী বনগাঁৱত খান্দি থোৱা অমৃত সৰোবৰত সংঘটিত হয় এই মৰ্মান্তিক ঘটনা । অভয়পুৰ সংৰক্ষিত বনাঞ্চলৰ পৰা মঙলবাৰে ওলাই আহিছিল বনৰীয়া হাতীৰ এটা জাক । হাতীৰ জাকটোৰ এটা পোৱালিৰ নগানদী বনগাঁৱত খান্দি থোৱা অমৃত সৰোবৰত পৰি মৃত্যু হয় ।
আজি স্থানীয় ৰাইজে মৃত হাতী পোৱালিটো প্ৰত্যক্ষ কৰা পাছতেই বন বিভাগক খবৰ দিয়ে ৷ ঘটনাস্থলীত সোণাৰি আঞ্চলিক বন বিভাগৰ এটা দল উপস্থিত হৈ ঘটনাৰ বুজ লয় । ইতিমধ্যে হাতী পোৱালিটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছে বুলি জানিবলৈ দিছে বন বিভাগে । বন বিষয়াই জানিবলৈ দিয়া অনুসৰি মৰণোত্তৰ পৰীক্ষাৰ পাছতহে কিদৰে হাতী পোৱালিটোৰ মৃত্যু হৈছে সেই কথা নিশ্চিত হ'ব ।
লগতে বনাঞ্চলৰ জীৱ-জন্তুৱে পানী খাবৰ বাবে অমৃত সৰোবৰ পুখুৰীটো খন্দা হৈছিল বুলি জনাইছে বন বিষয়াগৰাকীয়ে । আনহাতে এটা দিনৰ পূৰ্বে চৰাইদেউৰ টিমনত অমৃত সৰোবৰত সলিল সমাধি ঘটিছিল এহাল পতি-পত্নীৰ । কোনো বেৰা নোহাৱাকৈ অসুৰক্ষিতভাৱে ৰখা অমৃত সৰোবৰত পৰি পতি-পত্নীৰ অকাল মৃত্যু ঘটা ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই আজি পুনৰ অমৃত সৰোবৰত হাতী পোৱালিৰ মৃত্যুৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ।
লগতে পঢ়ক: বাঘ ধৰিব নোৱাৰি আঁতৰালে পিঞ্জৰা, এতিয়াও আছে নিষেধাজ্ঞা - Tiger scare in Kaliabor
ছাগলীয়ে মাতিব, বাঘ আহি পিঞ্জৰাত সোমাব : আশাত বন্দী বন বিভাগ - Tiger Terror in Kaliabor
বনৰজাক বলে পৰা নাই কোনেও: ড্ৰোণ কেমেৰাৰে নিৰীক্ষণহে চলিছে - Tiger Scare In Kaliabar