বিদ্যুৎ নাই ! শ্ৰেণীকোঠাৰ মজিয়াতে শুই পৰিল শিক্ষয়িত্ৰী, বিচিবলৈ লগালে শিক্ষাৰ্থীক - Viral video

By ETV Bharat Assamese Team

Published : Jul 27, 2024, 10:28 PM IST

thumbnail
শ্ৰেণীকোঠাৰ মজিয়াতে শুই পৰিল শিক্ষয়িত্ৰী (ETV Bharat)

নিউজ ডেস্ক, ২৭ জুলাই : উৎকট গৰম, উপায় নোহোৱাতহে যেন বিদ্যালয়লৈ যাবলগীয়া হৈছে বিশেষ শিক্ষয়িত্ৰীগৰাকী ৷ কিন্তু শ্ৰেণীকোঠাত সোমাৱাৰ পিচতে গ’ল বিদ্যুৎ ৷ গতিকে পাঠদান অসম্ভৱ ! ইফালে হেঁচা মাৰি ধৰিল ভাগৰে ৷

সেয়েহে মেট এখন পাৰি শ্ৰেণীকোঠাৰ মজিয়াতে শুই পৰিল শিক্ষয়িত্ৰীগৰাকী ৷ বিদ্যুতৰ অভাৱত ফেন যিহেতু নচলেই, সেয়ে কণকণ শিক্ষাৰ্থীসকলকে বিচনীৰে বতাহ যোগানৰ দায়িত্ব দিয়া হ’ল ৷ শিক্ষাগুৰুৱে কৈছে যেতিয়া, দুগৰাকীমান শিক্ষাৰ্থীয়ে আৰম্ভ কৰিলে বিচনী ঘূৰোৱাত ৷ কণকণ শিক্ষাৰ্থী, হাত বিষাই বাবে সলাই সলাই বিচিলে সকলোৱে ৷ তাৰ পিচতে সুখনিদ্ৰাত শিক্ষয়িত্ৰী ৷

দৃশ্যটো উত্তৰ প্ৰদেশৰ আলিগড়ৰ ৷ আলিগড়ৰ এখন চৰকাৰী বিদ্যালয়ৰ উক্ত দৃশ্যৰ ভিডিঅ’ ইতিমধ্যে ভাইৰেল হৈ পৰিছে ৷ শিক্ষা বিভাগেও শিক্ষয়িত্ৰীগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে আগবঢ়া বুলি জানিব পৰা গৈছে ৷ সোনকালেই শিক্ষয়িত্ৰীগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি শিক্ষা বিষয়াৰ পৰা জানিব পৰা গৈছে ৷

লগতে পঢ়ক : শিক্ষাৰ্থীৰ সন্মুখত উলংগ প্ৰধান শিক্ষক; হেৰুৱালে চাকৰি

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.