thumbnail

মৰিয়নীৰ পৰা প্ৰায় এমাহ ধৰি সন্ধানহীন দুই ছাত্ৰী - Student missing case

By ETV Bharat Assamese Team

Published : Jun 25, 2024, 10:17 PM IST

যোৰহাট,২৫ জুন: ক্ৰমাগতভাৱে চাহ অধ্যুষিত অঞ্চলত বৃদ্ধি নিৰুদ্দেশৰ ঘটনা । মৰিয়নীৰ খৰিকটীয়া চাহ বাগিচাৰ দুগৰাকী ছাত্ৰী বিগত প্ৰায় এমাহ ধৰি সন্ধানহীন হোৱা ঘটনাই তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলত । বাগিচাখনৰ জংঘলবস্তিৰ ৫ নম্বৰ লাইনৰ বেঞ্জামিন মুণ্ডাৰ ১২ বছৰীয়া কন্যা মাৰ্গৰেট মুণ্ডা আৰু পিতৰুচ মুণ্ডাৰ ৮ বছৰীয়া কন্যা এলিনা মুণ্ডা যোৱা ২৯ মে'ৰ পৰা সন্ধানহীন হৈ আছে । পঞ্চম শ্ৰেণী আৰু তৃতীয় শ্ৰেণীত অধ্যয়ন কৰা ছাত্ৰী দুগৰাকী একেলগে ২৯ মে'ৰ দিনা ঘৰৰ পৰা ফুৰিবলৈ ওলাই গৈছিল । কিন্তু আজি পৰ্যন্ত ছাত্ৰী দুগৰাকী উভটি নাহিল ঘৰলৈ ।  

ইফালে মৰিয়নী আৰক্ষীয়ে ছাত্ৰী দুগৰাকীৰ সন্ধান উলিওৱাত চুড়ান্তভাৱে ব্যৰ্থ হোৱাৰ অভিযোগ ৰাইজৰ । স্থানীয় ৰাইজৰ সন্দেহ ছাত্ৰী দুগৰাকীক কোনো দুষ্ট চক্ৰ বা মানৱ সৰবৰাহকাৰী চক্ৰ কবলত পৰিছে । মন কৰিবলগীয়া যে মৰিয়নীৰ চাহ বাগিচা অঞ্চলত শেহতীয়াকৈ শিশু অপহৰণৰ অপচেষ্টা চলোৱাৰ কেইবাটাও ঘটনা সংঘটিত হৈছিল । আনহাতে খৰিকটীয়া চাহ বাগিচাৰ অতি ভিতৰুৱা এলেকাৰ পৰা এনেদৰে দুগৰাকী কনমানি ছাত্ৰী সন্ধানহীন হোৱা ঘটনাই আতংকিত কৰি তুলিছে বাগিচাখনৰ ৰাইজক । উল্লেখ কৰা প্ৰয়োজন যে চাহ অধ্যুষিত অঞ্চলত কিশোৰ-কিশোৰী নিৰুদ্দেশ আৰু অপহৰণৰ ঘটনাই সকলো লোককে আচৰিত কৰি তুলিছে, এইক্ষেত্ৰত সকলোৱে সজাগ আৰু সচেতন হোৱাটো প্ৰয়োজন । 

লগতে পঢ়ক: যোৰহাটত নিৰুদ্দেশ তিনি ছাত্র : মানৱ সৰবৰাহকাৰী চক্ৰৰ জালত পৰাৰ সন্দেহ - Student missing Jorha

বিগত তিনিদিনে সন্ধানহীন নৱম শ্ৰেণীৰ ছাত্ৰ সৌৰভ; চিন্তিত অভিভাৱক - Dhemaji Student Missing

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.