শোকাবহ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ডেৰবছৰীয়া সন্তানসহ মাতৃয়ে - Road accident in Assam
🎬 Watch Now: Feature Video


Published : Jan 23, 2024, 7:31 PM IST
ডিব্ৰুগড়,২৩ জানুৱাৰী: ডিব্ৰুগড় জিলাৰ মৰাণৰ খটখটিত সংঘটিত শোকাবহ পথ দুৰ্ঘটনা । পথ দুৰ্ঘটনাত থিতাতে নিহত ডেৰ বছৰীয়া পুত্ৰসন্তানসহ মাতৃ ৷ শিৱসাগৰ ৰাজমাইৰ আবিদুৰ ৰহমানে পত্নী আৰু দুই পুত্ৰ-কন্যাসহ AS-04-S-5089 নম্বৰৰ এখন মটৰচাইকেলত মৰাণ অভিমুখে আহি থকা অৱস্থাত সংঘটিত হয় দুৰ্ঘটনাটো ৷ মৰাণৰ খটখটিত মৰাণ চাহ বাগিচাৰ চিকিৎসালয়ৰ সন্মুখত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পিছফালৰ পৰা মহতিয়াই নিয়ে এখন তেলভৰ্তি টেংকাৰে ৷
ঘটনাস্থলীতে আবিদুৰ ৰহমানৰ পত্নী জোৎস্না বেগম আৰু কোলাত লৈ অহা ডেৰ বছৰীয়া পুত্ৰ সন্তানটিয়ে প্ৰাণ হেৰুৱাই ৷ আনহাতে গুৰুতৰভাৱে আহত আবিদুৰ ৰহমান আৰু কন্যা সন্তানটি চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷ ঘটনাৰ সংঘটিত হোৱাৰ পিছতে মৰাণ আৰক্ষীয়ে দুৰ্ঘটনা সংঘটিত কৰা তেলৰ টেংকাৰখন জব্দ কৰিছে ।
লগতে পঢ়ক: ভয়ংকৰ পথ দুৰ্ঘটনা: থিতাতে নিহত এগৰাকী