ভয়ংকৰ ভূমিস্খলন;আলো-পাচিঘাট পথত যাতায়াত ব্যাহত - Arunachal landslide

By ETV Bharat Assamese Team

Published : Jul 4, 2024, 2:17 PM IST

thumbnail
ভয়ংকৰ ভূমিস্খলন;আলো-পাচিঘাট পথত যাতায়াত ব্যাহত (ETV Bharat)

ধেমাজি,৪ জুলাই : অসমৰ লগতে উত্তৰ-পূৱৰ ৰাজ্যসমূহতো শেহতীয়াকৈ প্ৰকৃতিয়ে কালৰূপ ধাৰণ কৰিছে । ধাৰাসাৰ বৰষুণৰ সমান্তৰালকৈ ভূমিস্খলন আৰু বানৰ কৱলত পৰিছে বিভিন্ন অঞ্চল । ইয়াৰ মাজতে অৰুণাচল প্ৰদেশত ভয়ংকৰ ভূমিস্খলন । কিছুদিন ধৰি নেৰানেপেৰা বৰষুণৰ পিচতে আলো-পাচিঘাট সংযোগী পথত বুধবাৰে নিশা এই ভূমিস্খলন হয় । যাৰ ফলত গুৰুত্বপূৰ্ণ পথটো বন্ধ হৈ পৰিছে ।

এই ভূমিস্খলনৰ ফলত পাহাৰৰ পৰা এটা প্ৰকাণ্ড শিল খহি পৰে আৰু ৰাজপথটো বন্ধ হৈ যায় । অৰুণাচল প্ৰদেশৰ সংগম দলঙৰ কাষত নিশা হোৱা ভূমিস্খলনৰ পিচতে শ শ বাহন আৱদ্ধ হৈ পৰিছে । নিশাৰে পৰা পথৰ দুয়োটা দিশত আৱদ্ধ হৈ পৰা যাত্ৰীসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে । পুৱা অৰুণাচল প্ৰদেশৰ প্ৰশাসনৰ লোকসকল উক্ত স্থানত উপস্থিত হয় আৰু পথটো মুকলি কৰাৰ বাবে প্ৰচেষ্টা চলায় । ইফালে এই সন্দৰ্ভত ৰাজ্যখনত এক সতৰ্কতাও জাৰি কৰা হয় ।

লগতে পঢ়ক :ভূমিস্খলনৰ ফলত ৬ দিন ধৰি বন্ধ অৰুণাচলৰ টুটিঙৰ গেলিং সীমান্ত পথ - Landslide in Arunachal

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.