গোলাঘাটত নকল সোণসহ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ - Fake Gold Seized - FAKE GOLD SEIZED

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Jul 18, 2024, 10:20 PM IST

গোলাঘাট,১৮ জুলাই: অপৰাধীৰ ৰম্যভূমিলৈ পৰিণত হৈছে গোলাঘাট জিলা । এইবাৰ গোলাঘাটত চলিছে নকল সোণৰ বেহা । নকল সোণৰ বেহা চলাই আৰক্ষীৰ জালত পৰিল নকল সোণৰ ব্যৱসায়ী । গোলাঘাট জিলাৰ কমাৰবন্ধা আৰক্ষী থানাৰ অন্তৰ্গত বৰজান চাহ বাগিচাৰ আলতাফ হুছেইন নামৰ এগৰাকী লোকক নকল সোণ বিক্ৰী কৰিবলৈ আহি জালত পৰিল বলোৰাম মজুমদাৰ নামৰ নকল সোণৰ ব্যৱসায়ীটো ।  

ভুক্তভোগী লোকজনে জনোৱা অনুসৰি তেওঁক বলোৰাম মজুমদাৰ নামৰ এজন লোকে পত্নীৰ অসুস্থতাৰ বাবে কিছু সোণ বিক্ৰী কৰিব বুলি ফোনযোগে জনায় । সেই অনুসৰি আলতাফ হুছেইনে লোকজনক সহায় কৰাৰ উদ্দেশ্যেৰে ঘৰলৈ মাতি পঠিয়ায় । কথা মতে বলোৰাম মজুমদাৰে আলতাফ হুছেইনৰ বাসগৃহত উপস্থিত হৈ প্ৰায় তিনি তোলা ওজনৰ এটা সোণৰ মেডেল হাতত তুলি দি ইয়াৰ বিনিময়ত ডেৰ লাখ টকা বিচাৰে । কিন্তু আলতাফ হুছেইনৰ সন্দেহ হোৱাত কৰায়ত্ব কৰিবলৈ এক লাখ টকাত বন্দবস্ত কৰি ধন নিবলৈ মাতি পঠিয়ায় ।  

ইয়াৰ পিচতে আলতাফ হুছেইনে কমাৰবন্ধা আৰক্ষী বিষয়া চয়নিকা বৰকটকীক সমগ্ৰ ঘটনাৰ বিষয়ে অৱগত কৰে আৰু তাৰ পাচত বৃহস্পতিবাৰে বলোৰাম মজুমদাৰে টকা নিবলৈ আহোতেই আৰক্ষী দলে নকল সোণসহ বলোৰাম মজুমদাৰ নামৰ সৰবৰাহকাৰীটোক আটক কৰিবলৈ সক্ষম হয় । আটকাধীন সৰবৰাহকাৰীটোৰ ঘৰ নাহৰণিত বুলি জনাই আৰক্ষীয়ে । বৰ্তমান কমাৰবন্ধা আৰক্ষীয়ে ঘটনাৰ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে । আনহাতে এই সমগ্ৰ ঘটনাৰ লগত আৰু ব্যক্তি জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে । 

লগতে পঢ়ক: কাজিৰঙা এক্সপ্ৰেছত আনিছিল সোণৰ বিস্কুট, চাৰিজনক কৰায়ত্ত আৰক্ষীৰ - Gold Smuggling

১ কেজিৰো অধিক ওজনৰ নকল সোণৰ নাও জব্দ - Fake Gold Boat Seized

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.