ৰুদ্ৰসিংহ কাপ ফুটবল প্ৰতিযোগিতাৰ সফল সামৰণি: সাপেখাতী ফুটবল ক্লাৱ চেম্পিয়ন - RUDRASINGH CUP FOOTBALL TOURNAMENT

By ETV Bharat Sports Team

Published : Aug 19, 2024, 7:25 PM IST

thumbnail
ৰুদ্ৰসিংহ কাপ ফুটবল প্ৰতিযোগিতাৰ সফল সামৰণি (ETV Bharat Assam)

স্প’ৰ্টছ ডেস্ক, 19 আগষ্ট: প্ৰতিভাৱান খেলুৱৈসকলক এখন উপযুক্ত মঞ্চ দিয়াৰ উদ্দেশ্যে প্ৰথমবাৰলৈ অনুষ্ঠিত কৰা হৈছে স্বৰ্গদেউ ছ্যু-খ্ৰুং-ফা (ৰুদ্ৰসিংহ) কাপ ফুটবল প্ৰতিযোগিতা ৷ টাই আহোম যুৱ পৰিষদ অসম চমুকৈ টাইপাৰ উদ্যোগত মৰাণৰ তিলৈনগৰ হাইস্কুল খেলপথাৰত যোৱা 4 আগষ্টৰ পৰা অনুষ্ঠিত হৈ থকা স্বৰ্গদেউ ছ্যু-খ্ৰুং-ফা (ৰুদ্ৰসিংহ) কাপ ফুটবল প্ৰতিযোগিতাখনিৰ দেওবাৰে নিশা সামৰণি পৰে ৷

টাইপাৰ মৰাণ আঞ্চলিক সমিতিৰ উদ্যোগত স্বেচ্ছাসেৱী অনুষ্ঠান 'আয়ান'-ৰ সহযোগত নিশা কেইবাশতাধিক দৰ্শকৰ উপস্থিতিত অনুষ্ঠিত চূড়ান্ত খেলখনত সাপেখাতী ফুটবল ক্লাৱে খুমটাই ফুটবল ক্লাৱক 1-0 গ’লৰ ব্যৱধানত পৰাজিত কৰি চূড়ান্ত বিজয়ীৰ সন্মান লাভ কৰে ৷ তীব্ৰ প্ৰতিদ্বন্দ্বিতামূলক খেলখনৰ প্ৰথম 18 মিনিটতে সাপেখাতী ফুটবল ক্লাৱৰ হৈ ৰাম মূড়াই দলক 1-0 ৰ অগ্ৰগতি প্ৰদান কৰে ৷

খুমটাই ফুটবল ক্লাৱে আপ্ৰাণ চেষ্টা কৰিও গ’ল পৰিশোধ কৰাত ব্যৰ্থ হয় ৷ চূড়ান্ত খেলখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে মন্ত্ৰী বিমল বৰাই ৷ খেলত বিশিষ্ট অতিথি হিচাপে আন এজন মন্ত্ৰী যোগেন মহন, অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ, টাইপাৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া আৰু বহুসংখ্যক গণ্য-মান্য ব্যক্তি উপস্থিত থাকে ৷

লগতে পঢ়ক: সদৌ অসম আন্তঃবিদ্যালয় দবা প্ৰতিযোগিতাৰ সফল সামৰণি: 150 ৰো অধিক ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণ - INTER SCHOOL CHESS TOURNAMENT

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.