বিশ্ব দৰবাৰত নিজৰ প্ৰতিভাৰে জিলিকিছে কলিয়াবৰৰ ৰিণিমা বৰা - ৰিণিমা বৰা

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Feb 17, 2024, 3:43 PM IST

কলিয়াবৰ, 17 ফেব্ৰুৱাৰী: পুনৰ বিশ্ব দৰবাৰত নিজৰ প্ৰতিভাৰে জিলিকি উঠিছে আন এগৰাকী অসম সন্তান ৷ নিজৰ যাদুকৰী ফেশ্যন ডিজাইনিঙৰ দ্বাৰা যথেষ্ট সমাদৰ লাভ কৰিছে এগৰাকী অসম কন্যাই ৷ নাম তেওঁৰ ৰিণিমা বৰা ৷ কলিয়াবৰৰ জখলাবন্ধাৰ এই ৰিণিমা বৰাই বিশ্ব দৰবাৰত সম্প্ৰতি নিজৰ আকৰ্ষণীয় ফেশ্বন ডিজাইন প্ৰদৰ্শন কৰিবলৈ সাজু হৈছে ৷

উল্লেখ্য যে, আমেৰিকাৰ নিউইয়ৰ্কত ‘Newyork Fashion Week 2024’ত ভাৰতৰ পৰা ফেশ্বন ডিজাইনাৰ Influencer হিচাবে অংশগ্ৰহণ কলিয়াবৰৰ ৰিণিমা বৰাই ৷ ফেশ্বন ডিজাইনাৰ ৰিনিমা বৰাক ইতিমধ্যে ‘Newyork Fashion Week 2024’ লৈ ভাৰতৰ পৰা Influencer হিচাপে আমেৰিকালৈ আমন্ত্ৰণ জনোৱা হৈছে ৷ বহু অভিনেতা-অভিনেত্ৰীৰ সাজ-পোচাকৰ ডিজাইন কৰি সমাদৰ লাভ কৰিছে ৰিণিমাই ৷ 

কলিয়াবৰৰ সৰুভগীয়াৰ প্ৰয়াত চম্পক বৰা আৰু বিনু বৰাৰ জীয়ৰী এইগৰাকী ফেশ্যন ডিজাইনাৰে বিগত ২০ বছৰ ধৰি বাংগালুৰুত ফেশ্যন ডিজাইনিং কৰি আছে ৷ বাংগালুৰুতে প্ৰতিষ্ঠিত বৰ্তমান আন্তঃৰাষ্ট্ৰীয় ফেশ্যন ডিজাইনাৰ হিচাবে কাম কৰিছে অসমৰ জীয়াৰী ৰিণিমাই ৷

লগতে পঢ়ক: উদ্যোগপতিৰ দাবী; লণ্ডনত জন্ম হ’ব বিৰাট-অনুষ্কাৰ দ্বিতীয় সন্তান

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.