thumbnail

শ্ৰীগুণ্ডিচা মন্দিৰৰ পৰা বহুদা যাত্ৰা আৰম্ভ; বিয়লি জগন্নাথ মন্দিৰত উপস্থিত হ’ব তিনিও ভগৱান - Rath Yatra 2024

By ETV Bharat Assamese Team

Published : Jul 15, 2024, 9:33 AM IST

Updated : Jul 15, 2024, 7:02 PM IST

আজি ওড়িশাত আয়োজন কৰা হৈছে বহুদা যাত্ৰা ৷ অৰ্থাৎ শ্ৰীগুণ্ডিচা মন্দিৰৰ পৰা ভগৱান জগন্নাথৰ আজি উভতনি যাত্ৰা ৷ 9 দিনৰ অন্তত আজি (সোমবাৰ) পুনৰ ভগৱান জগন্নাথে জ্যেষ্ঠ ভাতৃ বলোভদ্ৰ আৰু কনিষ্ঠ ভগ্নী সুভদ্ৰাক লগত লৈ শ্ৰীগুণ্ডিচা মন্দিৰৰ পৰা শ্ৰীনগৰলৈ উভতি আহিব । তিনিও ভগৱানক আনিবৰ বাবে সাজু হৈ আছে তেওঁলোকৰ ৰথ তিনিখন ক্ৰমে নন্দিঘোষা, তালধ্বজা আৰু দৰ্পনদালান ৷ এই ৰথতে বহি উভতনি যাত্ৰা কৰিব তিনিও ভগৱানে ৷ যাৰ বাবে ইতিমধ্যে লাখ লাখ ভক্তৰ সমাগম ঘটা দেখিবলৈ পোৱা গৈছে ৷ উল্লেখ্য যে, ওড়িশাৰ পুৰীত অতি আড়ম্বৰপূৰ্ণভাৱে আয়োজন কৰা হয় পৃথিৱী বিখ্যাত ৰথ যাত্ৰা ৷ প্ৰত্যেকবাৰৰ দৰে এইবাৰো ওড়িশাৰ পুৰীত অতি ধূমধামেৰে আয়োজন কৰা দেশৰ অটাইতকৈ বৃহৎ এই ধৰ্মীয় উৎসৱলৈ বহু ভক্তৰ সমাগম হোৱা পৰিলক্ষিত হৈছে ৷ একপ্ৰকাৰে কৃষ্ণৰ বন্দনাত মুখৰ হৈছে ওড়িশাৰ পুৰী ধাম ৷
Last Updated : Jul 15, 2024, 7:02 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.