বাক্সা : অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বি-বাৰ্ষিক পাঠশালা অধিৱেশনত বিৰ দি বাট নোপোৱা অৱস্থা । কোনোবাই যদি ইণ্ডিয়া বুক অৱ ৰেকৰ্ডৰ পৃষ্ঠাত স্থান লাভ কৰা অসমীয়াৰ স্বাভিমান জাপি চাবলৈ ভিৰ কৰিছে, আন কোনোৱে আকৌ বিজ্ঞান মেলাত কোটি কোটি টকীয়া অস্ত্ৰ-শস্ত্ৰ প্ৰত্য়ক্ষ কৰিবলৈ উপস্থিত হৈছে ।
কেইবা শ কোটি টকা মূল্য়ৰ ভাৰতীয় সামৰিক ক্ষেত্ৰত ব্য়ৱহৃত অস্ত্ৰ-শস্ত্ৰসমূহ নিচেই ওচৰৰ পৰা প্ৰত্য়ক্ষ কৰিবলৈ পাই বহুতেই আনন্দত আত্মহাৰা হৈ পৰিছে । অসম সাহিত্য সভাক এক নতুন গতি দিবলৈ চেষ্টাৰ ত্ৰুটি কৰা নাই আয়োজকসকলে । শুকুৰবাৰে পুৱা ৯ বজাত অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বি-বাৰ্ষিক পাঠশালা অধিৱেশনৰ উদযাপন সমিতিৰ সভাপতি তথা মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ভট্টদেৱ ক্ষেত্ৰ উদ্বোধন কৰাৰ পিছৰে পৰাই সোঁত বৈছে সাহিত্য়ানুৰাগীৰ ।
বিজ্ঞান মেলা, জনগোষ্ঠীয় গাঁও, বজালী হাট, নাম প্ৰসংগ, নাট প্ৰদৰ্শন আদিকে ধৰি কেইবাটাও আকৰ্ষণীয় অনুষ্ঠানৰে ইতিমধ্যে ইতিবাচক আৰু সংস্কাৰমূলক প্ৰচেষ্টা হাতত লোৱাক লৈ চৰ্চা হৈছে সাহিত্য়ানুৰাগীৰ মাজত ।
জাপিৰে জিলিকিছে পাঠশালা :
এই অধিৱেশনৰ ৮৬ ফুট দৈৰ্ঘৰ জাপিয়ে ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত স্থান লাভ কৰিবলৈ সক্ষম হৈছে । এই সন্দৰ্ভত পাঠশালা সাহিত্য সভাৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল কুমাৰ গোস্বামীয়ে কয়, "অসম সাহিত্য সভাৰ অধিৱেশন আৰম্ভ হোৱাৰ এমাহ আগৰে পৰাই এই জাপিটোৰ নিৰ্মাণ কাৰ্য চলি আছিল । নলবাৰীৰ শিল্পীৰ দ্বাৰা নিৰ্মাণ কৰা জাপিটোৱে অৱশেষত ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত অন্তৰ্ভুক্ত হ'বলৈ সক্ষম হৈছে । সমগ্ৰ অসমৰ লগতে বজালীত এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে । অসম সাহিত্য সভাৰ প্ৰদৰ্শনীস্থলীত এই অভিলেখৰ কথা ঘোষণা কৰিছে ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছ কৰ্তৃপক্ষই ।"
নামনি অসমৰ শিক্ষাৰ প্ৰাণকেন্দ্ৰ স্বৰূপ তথা নাট্যনগৰী পাঠশালাৰ ভট্টদেৱ ক্ষেত্ৰ জাতি-জনগোষ্ঠীৰ মিলনভূমিত পৰিণত হৈছে ৷ সভাৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল কুমাৰ গোস্বামীয়ে পুনৰ কয়, "১৯৮৭ চনত পাঠশালা অধিৱেশনত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছিল গ্ৰন্থমেলাৰ ৷ এইবাৰো বজালীৰ ভট্টদেৱ ক্ষেত্ৰৰ পৰাই বিজ্ঞান মেলাৰ আয়োজন কৰি ইতিহাস সৃষ্টিৰ দিশে আগবাঢ়িছে ৷ বিজ্ঞান মেলাই কেইবাটাও দিশ সামৰি ল'বলৈ সক্ষম হৈছে ৷ ইয়াৰ ভিতৰত শিশুসকলৰ মাজত কেনেকৈ বৈজ্ঞানিক মানসিকতাৰ সৃষ্টি কৰিব পাৰি তাৰ বাবে চেষ্টা কৰা হৈছে ৷ লগতে ভাৰতীয় সামৰিক ক্ষেত্ৰত ভূমিকা কেনে হোৱা উচিত তাক প্ৰতিফলিত কৰিব পৰাকৈ অস্ত্ৰ-শস্ত্ৰসমূহ প্ৰদৰ্শন কৰা হৈছে ৷"
বাটৰ কবিতাৰ গাঁও:
এইবাৰেই হয়তো কবিসকলে নিজৰ স্বৰচিত কবিতাসমূহ সাহিত্য সভাৰ মজিয়াত উপস্থাপন কৰিবলৈ সক্ষম হ'ল ৷ বাটৰ কবিতাৰ গাঁও নামৰ অনুষ্ঠানত অসমৰ বিভিন্ন ঠাইৰ পৰা ন-পুৰণি কবিসকল আহি কবিতা পাঠ কৰি আপ্লুত হৈছে ৷