যোৰহাট: ৬ ফেব্ৰুৱাৰীৰ পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিবেশন । উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠানটোৰ অধিবেশনখনি যোৰহাট জিলাৰ ম'হবন্ধা এৰালতলি পথাৰৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ'ব । ৩ কোটি ৫০ লাখ টকাৰ বাজেটেৰে আয়োজন কৰা এই অধিবেশনখনিৰ অন্ত পৰিব ৯ ফেব্ৰুৱাৰীত ।
আটকধুনীয়াকৈ সজোৱা হৈছে ২০০টা শিবিৰ :
শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিবেশনৰ কাম ইতিমধ্য়ে ৯০ শতাংশ সম্পূৰ্ণ হৈছে । আটকধুনীয়াকৈ সজাই তোলা হৈছে ২০০টা শিবিৰ । কৃষ্ণ বন্দনাৰে মুখৰিত হ'ব উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠানটোৰ অধিবেশনথলী ম'হবন্ধা এৰালতলি পথাৰৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ ।
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিবেশনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকাত আয়োজক সমিতিৰ লগতে আই-বাপসকলে যুদ্ধংদেহী তৎপৰতাৰে আৰম্ভ কৰিছে প্ৰস্তুতি । দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰিণত হ'ব বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ । বৰ্তমান মূল মণ্ডপৰ পৰা আৰম্ভ কৰি ৰন্ধনশাললৈকে সকলো কামেই সম্পূৰ্ণ হোৱাৰ পথত ।
আনহাতে, বিভিন্ন ৰাজ্যৰ পৰা লক্ষাধিক ভক্তপ্ৰাণ ৰাইজে ৯৪ সংখ্যক বাৰ্ষিক অধিবেশনত ভিৰ কৰাৰ পিছত তেওঁলোক থাকিবৰ বাবে ইতিমধ্যে বৃহৎ আকাৰৰ ২০০টা শিবিৰ স্থাপন কৰা হৈছে । এই শিবিৰতে ভক্তসকলে নৈশ যাপন কৰাৰ লগতে ধৰ্মচৰ্চা কাৰ্যসূচীত অংশগ্ৰহণ কৰিব ।
শিবিৰৰ দায়িত্বত থকা সংঘৰ সদস্য এজনে প্ৰস্তুতি সন্দৰ্ভত সাংবাদিকৰ আগত কয়, "আমি ভক্তপ্ৰাণ ৰাইজক আদৰিবলৈ সাজু আৰু শিবিৰ এতিয়া সম্পূৰ্ণ হোৱাৰ পথত । আটকধুনীয়াকৈ সজাই তোলা হৈছে শিবিৰসমূহ ।"
নিয়োগ কৰা হ'ব ১০ হাজাৰ সেৱা বাহিনী :
৯৪ সংখ্যক বাৰ্ষিক অধিবেশনৰ চাৰিদিনত লক্ষাধিক ভকতৰ সমাগম ঘটিব বুলি সংঘৰ উদ্যোক্তাসকলে আশা প্ৰকাশ কৰিছে । জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সকলো লোকৰে সমাগম ঘটিবলগীয়া ৯৪ সংখ্যক বাৰ্ষিক অধিবেশনত ১০ হাজাৰ সেৱা বাহিনী নিয়োগ কৰা হৈছে ।