নগাঁও : “অসমক উদ্যোগিক হাব হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । এই উদ্দেশ্য আগত লৈয়েই বিদেশত গৈ বৃহৎ উদ্যোগপতিক সাক্ষাৎ কৰি আমন্ত্ৰণ জনাই অসমত আয়োজন কৰিছে এডভান্টেজ আছাম ২.o ৰ ।” এই মন্তব্য নতুনকৈ অসম চৰকাৰৰ মন্ত্ৰিত্ব লাভ কৰা নগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী কৃষ্ণেন্দু পালৰ ।
শুক্ৰবাৰে নগাঁও, মৰিগাঁও আৰু হোজাই জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ উদ্যোগত আৰু জিলা প্ৰশাসনৰ সহযোগত জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত এক সভাত অংশগ্ৰহণ কৰি এডভান্টেজ আছাম ২.o সন্দৰ্ভত মন্তব্য কৰে মন্ত্ৰী কৃষ্ণেন্দু পালে ।
নগাঁও, মৰিগাঁও আৰু হোজাই জিলাৰ ক্ষুদ্ৰ উদ্যোগিৰ উপস্থিতিত অনুষ্ঠিত হোৱা সভাত ক্ষুদ্ৰ উদ্যোগীক এডভান্টেজ আছাম ২.o ৰ বাবে নিজৰ নিজৰ নাম পঞ্জীয়ন কৰি অনুষ্ঠানটো সাফল্যমণ্ডিত কৰি তুলিবলৈ আহ্বান জনায় জিলাখনৰ অভিভাৱক মন্ত্ৰী কৃষ্ণেন্দু পালে ।
এডভান্টেজ আছাম ২.o সাফল্যমণ্ডিত কৰাৰ উদ্দেশ্যে নগাঁও, মৰিগাঁও আৰু হোজাই জিলাৰ ক্ষুদ্ৰ উদ্যোগীসকলৰ এক কৰ্মশালা অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি মন্ত্ৰী কৃষ্ণেন্দু পালে মধ্য অসমৰ গুৰুত্বপূৰ্ণ নগাঁও জিলাতো বৃহৎ উদ্যোগ স্থাপনৰ পোষকতা কৰে ।
লগতে সংবাদ মাধ্যমৰ সন্মুখত মন্ত্ৰী কৃষ্ণেন্দু পালে কয়, “জাগীৰোডত টাটা গ্ৰুপৰ ছেমিকণ্ডাক্টৰৰ কাম দ্ৰুত গতিত চলি আছে । অসমখনক উদ্যোগিক হাব হিচাপে গঢ়ি তুলিব পাৰিলে অসমৰ কোনো যুৱক-যুৱতী আৰু বহিঃৰাজ্যত গৈ কামৰ সন্ধান কৰিব নালাগে । নিজৰ ঘৰতেই পিতৃ-মাতৃৰ লগত থাকি সংস্থাপন লাভ কৰিব অসমৰ শিক্ষিত যুৱক-যুৱতীয়ে ।”
ইপিনে, অহা অক্টোবৰ মাহৰ ভিতৰতেই অসমৰ সকলো উন্নয়নমূলক কাম সম্পূৰ্ণ কৰিবলৈ বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰাৰ সন্দৰ্ভতো মন্তব্য কৰে মন্ত্ৰী কৃষ্ণেন্দু পালে । মুখ্যমন্ত্ৰীৰ নিৰ্দেশ আখৰে আখৰে পালন কৰিব লাগিব বুলিও মন্তব্য কৰে নগাঁও জিলাৰ অভিভাৱক মন্ত্ৰীগৰাকীয়ে ।
লগতে পঢ়ক : অসমৰ টাটা প্ৰকল্প সন্দৰ্ভত মুখ্যমন্ত্ৰী ড৹ শর্মাৰ সৈতে টাটা কোম্পানীৰ অধ্যক্ষৰ বৈঠক লগতে পঢ়ক : বিহুৰ পাছত ঝুমুৰ নৃত্যৰে বিশ্ববাসীক চমক দিয়াৰ বাবে সাজু অসম চৰকাৰ |
এডভান্টেজ আছাম ২.o সাফল্যমণ্ডিত কৰাৰ উদ্দেশ্যে আয়োজিত সভাত অংশগ্ৰহণৰ পাছতেই নগাঁও জিলা প্ৰশাসন, বিভিন্ন বিভাগৰ বিষয়াসকলৰ সৈতে এক পৰ্যালোচনা সভাতো অংশগ্ৰহণ কৰে মন্ত্ৰী পালে । পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰি জিলাখনৰ উন্নয়নমূলক কাম কাজৰ বুজ লয় জিলাখনৰ অভিভাৱক মন্ত্ৰীগৰাকীয়ে ।
পৰ্যালোচনা সভাত মন্ত্ৰীগৰাকীয়ে উপস্থিত থকা সকলো বিভাগৰ মুৰব্বী বিষয়াসকলক অক্টোবৰ মাহৰ ভিতৰত চৰকাৰী আঁচনিৰ উনয়নৰ সকলো কাম সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে জনসাধাৰণে যাতে চৰকাৰী আঁচনিৰ পৰা বঞ্চিত নহয় তাৰ বাবে সকলোকে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিবলৈ আহ্বান জনায় ।
উল্লেখ্য যে, নগাঁও জিলা প্ৰশাসনৰ সহযোগত আৰু নগাঁও মৰিগাঁও, হোজাই জিলা বাণিজ্য কেন্দ্ৰৰ উদ্যোগত জিলা পুথিভঁৰালত অনুষ্ঠিত হোৱা কৰ্মশালাত মন্ত্ৰী কৃষ্ণেন্দু পালৰ লগতে বিধায়ক ৰূপক শৰ্মা, দিপ্লোৰঞ্জন শৰ্মা, শশীকান্ত দাস, জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ, জিলা জনসংযোগ বিষয়া মন্দিৰা চায়েঙিয়া দলে, তিনি জিলাৰ উদ্যোগ বাণিজ্য কেন্দ্ৰৰ বিষয়াসকল উপস্থিত থাকে ।