শান্তিপুৰৰ শিমলাবাগানত উদ্ধাৰ দুষ্প্ৰাপ্য প্ৰজাতিৰ লাজুকী বান্দৰ - Slow Loris Rescued - SLOW LORIS RESCUED

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Aug 20, 2024, 5:34 PM IST

চিৰাং, 20 আগষ্ট : চিৰাঙৰ ভূটান সীমান্তৰ শান্তিপুৰৰ শিমলাবাগানত উদ্ধাৰ লাজুকী বান্দৰ । সোমবাৰে বিয়লি শান্তিপুৰৰ এজন লোকৰ তামোলবাৰীৰ পৰা উদ্ধাৰ হয় লাজুকী বান্দৰটো । চিৰাঙত পূৰ্বে কোনেও প্ৰত্যক্ষ কৰা নাছিল লাজুকী বান্দৰ ৷ কিন্তু হঠাতে পশ্চিম বংগৰ প্ৰজাতিৰ এই লাজুকী বান্দৰটো ক’ৰ পৰা, কিদৰে আহি চিৰাঙত উদ্ধাৰ হ’ল সেয়ে অতি ৰহস্যৰ বিষয় ।

আনকি বন বিভাগৰ লোকেও এই প্ৰজাতিৰ লাজুকী বান্দৰ চিৰাং অঞ্চলত কোনেও দেখা নাই বুলি উল্লেখ কৰে ৷ ইফালে নতুন নতুন ৰাষ্ট্ৰীয় উদ্যান ঘোষণাই যেন চিৰাঙলৈ আনিছে আশাৰ বতৰা ৷ যোৱা বছৰ বি টি আৰৰ ৰাইমোনাক ৰাষ্ট্ৰীয় উদ্যান হিচাবে ঘোষণা কৰিছিল আৰু এইবাৰ চিকনাঝাৰক ৰাষ্ট্ৰীয় উদ্যান ঘোষণা কৰে চৰকাৰে । এয়া পৰিৱেশ ৰক্ষাৰ লগতে দুষ্প্ৰাপ্য জীৱকুলৰ লগতে মানৱ জাতিৰ বাবেও এক সুখবৰ ।

সোমবাৰে চিৰাঙৰ দেউশ্ৰী বন বিভাগৰ সংমণ্ডল কাৰ্যালয়ৰ পৰা লাজুকী বান্দৰটো উদ্ধাৰ কৰি বৰ্তমান শান্তিপুৰ বন বিভাগৰ কাৰ্যালয়তে ইয়াক ৰখা হৈছে বুলি জানিব পৰা গৈছে । মঙলবাৰে নিশাৰ ভাগত নতুনকৈ ঘোষিত চিকনাঝাৰ ৰাষ্ট্ৰীয় উদ্যানত এই লাজুকী বান্দৰটো বন বিভাগে এৰি দিব বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে ৷

লগতে পঢ়ক : পানীখাইতিৰ জনাঞ্চলৰ পৰা উদ্ধাৰ দুষ্প্ৰাপ্য লাজুকী বান্দৰ - Slow Loris Rescued

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.