তিতাবৰৰ কৃষি পথাৰত ঘূৰ্ণি বতাহৰ বিৰল দৃশ্য় - Cyclone viral video - CYCLONE VIRAL VIDEO
🎬 Watch Now: Feature Video


Published : Jul 13, 2024, 6:40 PM IST
|Updated : Jul 13, 2024, 8:21 PM IST
যোৰহাট, ১৩ জুলাই: তিতাবৰৰ কৃষি পথাৰত দেখা পোৱা ঘূৰ্ণি বতাহৰ এক বিৰল দৃশ্য়ক লৈ ৰাইজৰ মাজত চলিছে সৰৱ চৰ্চা । শুক্ৰবাৰে আবেলি তিতাবৰৰ বৰহোলাৰ বালিজান, ৰঙাজান আৰু গড়জানকে আদি কৰি বিভিন্ন স্থানত সৃষ্টি হয় প্ৰৱল ধুমুহাৰ । এই ধুমুহাৰ ফলত বহু লোকৰ ঘৰ দুৱাৰৰ লগতে ৰাজহুৱা অনুষ্ঠান-প্ৰতিষ্ঠানৰ বিস্তৰ ক্ষতিসাধন হয় । উভালি পৰে বিদ্যুতৰ খুটা । ফলত ব্যাহত হৈ পৰে বিদ্যুৎ সেৱা । ইয়াৰ মাজতেই কোনো লোকৰ কেমেৰাত বন্দী হয় ঘূৰ্ণি বতাহৰ এক বিৰল দৃশ্য় ।
বৃহত্তৰ অঞ্চলটোত প্ৰৱল ধুমুহা চলি থকাৰ মাজতেই কৃষি পথাৰত সৃষ্টি হোৱা ঘূৰ্ণি বতাহৰ বিৰল দৃশ্য়টো কোনো লোকে কেমেৰাত আৱদ্ধ কৰাৰ পিচত এই দৃশ্যটো ভাইৰেল হৈ পৰে । বহুতৰেই এই ঘূৰ্ণি বতাহ প্ৰত্য়ক্ষ কৰাৰ সৌভাগ্য় ঘটিল । ধুমুহাৰ পিচত বৰ্তমানেও তিতাবৰৰ বৰহোলাকে আদি কৰি বিভিন্ন অঞ্চলত ব্যাহত হৈ আছে বিদ্যুৎ সেৱা ।