বিধ্বস্ত পথ নিৰ্মাণৰ দাবীত আছুৰ উদ্যোগত স্থানীয় লোকৰ প্ৰতিবাদ - Dilapidated Road In Udalguri - DILAPIDATED ROAD IN UDALGURI
🎬 Watch Now: Feature Video


Published : Aug 10, 2024, 5:46 PM IST
ওদালগুৰি, ১০ আগষ্ট: কলাইগাঁও-ওদালগুৰি সংযোগী বিধ্বস্ত পথ নিৰ্মাণৰ দাবী উত্থাপন কৰি আজি অৰ্থাৎ শনিবাৰে কলাইগাঁৱৰ কবিৰালীৰ স্থানীয় লোকে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি ৷ ওদালগুৰি জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু কলাইগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত স্থানীয় লোকে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ।
প্ৰতিবাদকাৰীসকলে বিজেপি চৰকাৰ হায় হায়, বি টি আৰ চৰকাৰ হায় হায় ধ্বনিৰে কলাইগাঁও কবিৰালী উত্তাল কৰি তোলে ৷ জিলা আছুৰ নেতৃত্বই জানিবলৈ দিয়া মতে, কলাইগাঁৱৰ পৰা ওদালগুৰিলৈ যোৱা পথছোৱা দীৰ্ঘদিন ধৰি কোনো মেৰামতি নকৰাৰ ফলত বিধ্বস্ত হৈ পৰিছে ৷
স্থানীয় লোকে বাৰম্বাৰ স্থানীয় জনপ্ৰতিনিধিক এই বিষয়ে অৱগত কৰাৰ পাছতো কিন্তু আজিলৈ পথছোৱা মেৰামতি তথা পুনৰ নিৰ্মাণৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান নকৰিলে ৷ যাৰ বাবে বৃহত্তৰ অঞ্চলটোৰ স্থানীয় লোকে যাতায়তৰ ক্ষেত্ৰত জীয়াতু ভুগিব লগা হৈছে ।