thumbnail

By ETV Bharat Assamese Team

Published : Jul 1, 2024, 10:49 PM IST

ETV Bharat / Videos

নলা বন্ধ কৰিবলৈ আহি ৰাইজৰ ৰোষত পৰিল পৌৰ নিগমৰ বিষয়া - Guwahati Municiapal Corporation

গুৱাহাটী, 1 জুলাই : মহানগৰীৰ বশিষ্ঠ বালুঘাটত উত্তপ্ত পৰিস্থিতি ৷ স্থানীয় ৰাইজৰ ৰোষত পৰিল পৌৰ নিগমৰ বিষয়া ৷ গুৱাহাটী পৌৰ নিগমৰ কৰ্মচাৰীয়ে বালুঘাটৰ এটা নলা বস্তা দি বন্ধ কৰাক কেন্দ্ৰ কৰি সৃষ্টি হয় এই উত্তপ্ত পৰিস্থিতিৰ ৷ ঘটনাক কেন্দ্ৰ কৰি ৰাষ্ট্ৰীয় ঘাইপথলৈ ওলাই আহে স্থানীয় লোক ৷

উল্লেখ্য যে অসমৰ লগতে অসমৰ সীমামূৰীয়া মেঘালয়ত বৰষুণ হ’লে পাহাৰৰ পৰা যথেষ্ট পৰিমাণে পানী বাগৰি আহে ৷ এইদৰে বাগৰি অহা পানী ৰাষ্ট্ৰীয় ঘাইপথৰ ওচৰত থকা নলাৰে বৈ যায় বাহিনী নৈলৈ ৷ কিন্তু বিগত কিছুদিন পূৰ্বে নলাসমূহ বন্ধ কৰি দিয়াৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথত হৈছিল এককাঁল পানী ৷ লগতে ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ পাটৰকুছি, কলিতা বস্তিৰ লগতে বশিষ্ঠৰ কেইবাটাও অঞ্চল বুৰ গৈছিল পানীত ৷ পৰৱৰ্তী সময়ত স্থানীয় ৰাইজে সমগ্ৰ ঘটনা জানিব পাৰি নলাসমুহ মুকলি কৰি দিয়ে ৷

আজি বিয়লিৰ ভাগত পুনৰ গুৱাহাটী পৌৰ নিগমৰ বিষয়া-কৰ্মচাৰী আহি নলাটো বন্ধ কৰিবলৈ লওঁতে সৃষ্টি হয় উতপ্ত পৰিস্থিতিৰ ৷ আনহাতে ঘটনাস্থলীত উপস্থিত থকা পৌৰ নিগমৰ বিষয়াৰ মতে DDMA ৰ নিৰ্দেশ মতে বন্ধ কৰি দিয়া হৈছে নলাটো ৷ এই নলাটো বন্ধ নকৰিলে মহানগৰীৰ মাজমজিয়াত সৃষ্টি হয় কৃত্ৰিম বানৰ ৷ কিন্তু মহানগৰৰ একাংশ কৃত্ৰিম বানপ্ৰৱণ এলেকাৰ বান ৰোধ কৰিবলৈ গৈ বশিষ্ঠ পাটৰকুছিবাসীক বিপদত পেলাইছে গুৱাহাটী পৌৰ নিগমে ৷ এতিয়া স্থানীয় লোকে এই সমস্যাৰ এটা স্থায়ী সমাধান বিচাৰিছে ৷ 

লগতে পঢ়ক : ভেণ্ডিং জ’নৰ ব্যৱস্থা নকৰালৈকে উচ্ছেদ বন্ধ ৰখাৰ দাবী পদপথ ব্যৱসায়ী সংস্থাৰ - Street Vendors In Guwahati

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.