thumbnail

পানী অহা-যোৱা কৰা বাটত নিৰ্মাণ মানুহ অহা-যোৱা কৰা পথ : কলগাছিয়াত কৃত্ৰিম বান - Artificial flood in kalgachia

By ETV Bharat Assamese Team

Published : Jun 19, 2024, 6:32 PM IST

জনিয়া, 19 জুন: বৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত হালধীয়া পথাৰত কৃত্ৰিম বানপানীৰ কৱলত প্ৰায় সহস্ৰাধিক লোক । হালধীয়া পথাৰৰ মাজেৰে যোৱা কলগাছিয়া-সৰভোগ সংযোগী মুখ্যপথৰ ওপৰেদি বাগৰিছে পানী । ফলত ব্যাহত হৈ পৰিছে জনজীৱন । উল্লেখ্য যে, ৰূপসী উন্নয়নখণ্ডৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী মনোৱাৰ হুচেইনে পানী অহা-যোৱা কৰা মুখ্য দুৱাৰ বন্ধ কৰি পথ নিৰ্মাণৰ পিচৰে পৰা ৪/৫ খনকৈ গাঁৱৰ ৰাইজে এতিয়া কৃত্ৰিম বানপানীত জীয়াতু ভুগিবলগীয়া হৈছে ৷ তদুপৰি কলগাছিয়া-সৰভোগ সংযোগী মুখ্য পথলৈয়ো আহিছে তীব্ৰ ভাবুকি । যাৰ ফলত ৰাইজে কলগাছিয়া-সৰভোগ সংযোগী পথ অৱৰোধ কৰি ৰাইজে সাব্যস্ত কৰে প্ৰতিবাদ ।

ইফালে, ৰাইজে পথ অৱৰোধ কৰাত আৱদ্ধ হৈ পৰে শ শ যান-বাহন । ৰাইজে দাবী জনাইছে যে ৰূপসী উন্নয়নখণ্ডৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী মনোৱাৰ হুছেইনে নলা বন্ধ কৰি নিৰ্মাণ কৰা পথটো কাটি ৰাইজক উদ্ধাৰ কৰিব লাগে । যদি ৰাইজৰ দাবী প্ৰশাসনে পূৰণ নকৰে এই প্ৰতিবাদ অব্যাহত থাকিব বুলি জানিবলৈ দিয়ে ৰাইজে । পৰৱৰ্তী সময়ত উক্তস্থানত কলগাছিয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়া আৰু আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ।

লগতে পঢ়ক: ফেনে-ফোটোকাৰে আহিছে বান, ৰাজ্যত দ্বিতীয়টো বানত প্লাৱিত 15 খন জিলাৰ 1.61 লাখ লোক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.