আঠখেলীয়া নামঘৰত পৱিত্ৰ ভাদ মাহৰ নাম মহোৎসৱৰ ব্যাপক প্ৰস্তুতি - Athkhelia Namghar Golaghat

By ETV Bharat Assamese Team

Published : Aug 12, 2024, 8:48 PM IST

thumbnail
আঠখেলীয়া নামঘৰত পৱিত্ৰ ভাদমাহৰ নাম মহোৎসৱৰ ব্যাপক প্ৰস্তুতি (ETV Bharat Assam)

গোলাঘাট, ১২ আগষ্ট : পৱিত্ৰ ভাদমাহলৈ মাজত মাথোঁ কেইটামান দিন বাকী । ভাদমাহ বুলিলেই শংকৰী দৰ্শন আৰু আধ্যাত্মিকতাৰ প্ৰতীক নামঘৰবোৰ নাম-প্ৰসংগৰে মুখৰিত হৈ পৰে । বিশেষকৈ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শ অনুকৰণ কৰা নামঘৰবোৰ ভক্তিৰসত বুৰ যায় । তেনে এক অসমৰ ঐতিহ্যমণ্ডিত নামঘৰ হৈছে গোলাঘাটৰ শ্ৰীশ্ৰী আঠখেলীয়া নামঘৰ । পৱিত্ৰ ভাদমাহৰ বাবে এতিয়া সম্পূৰ্ণ সাজু হৈ উঠিছে এই আঠখেলীয়া নামঘৰ ।

প্ৰতিবছৰৰ দৰে এই বছৰো গোলাঘাটৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী আঠখেলীয়া নামঘৰ প্ৰাঙ্গণত মাহজোৰা কাৰ্যসূচীৰে পৱিত্ৰ ভাদমাহৰ নাম মহোৎসৱ আয়োজন কৰা হৈছে । যাৰ বাবে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা সমাগম ঘটিবলগীয়া ভকত-বৈষ্ণৱক আদৰিবলৈ নামঘৰটোক ভিতৰে-বাহিৰে নৰূপত সজাই-পৰাই তুলিছে নামঘৰ পৰিচালনা সমিতিয়ে । 

আনহাতে, পৱিত্ৰ ভাদমাহৰ নাম-প্ৰসংগৰ বাবে পৰিচালনা সমিতিয়ে এখন নাম উদযাপন সমিতি গঠন কৰিছে । ইয়াত থাকিব ১৬ খন শাখা সমিতি । এই শাখা সমিতিসমূহে বিভিন্ন দিশ পৰিচালনা কৰিব । ইফালে বিগত বৰ্ষৰ দৰে এইবাৰো নামঘৰত সেৱকীৰ সমাগম বৃদ্ধি পাব বুলি আশা প্ৰকাশ কৰিছে পৰিচালনা সমিতিয়ে । ইয়াৰ উপৰি নামঘৰৰ সন্মুখভাগত থকা বহুসংখ্যক দোকান-বজাৰৰ ব্যৱসায়ীয়েও এইবাৰ ভাদমাহৰ নাম মহোৎসৱ বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব বুলি আশাৰে বাট চাই ৰৈছে ।

উল্লেখ্য যে অদৃশ্যজনৰ চৰণত সেৱা জনাবলৈ এই ঐতিহ্যমণ্ডিত নামঘৰটিলৈ আগমন ঘটে বহু ভক্তপ্ৰাণ ৰাইজৰ । আনহাতে, নামঘৰ পৰিচালনা সমিতিয়ে সকলো ৰাইজৰ সুবিধাৰ্থে এইবাৰ কিছু নতুন নিয়মৰো প্ৰৱৰ্তন কৰিছে ৷  

এই সন্দৰ্ভত পৰিচালনা সমিতিৰ বিষয়ববীয়া অসীম বৰাই কয়, "ভকত-বৈষ্ণৱৰ সমাগমৰ প্ৰতি লক্ষ্য ৰাখি মুঠ চাৰি প্ৰহৰ নামৰ ব্যৱস্থা কৰা হৈছে । পুৱা ৪ বজাত প্ৰথম প্ৰসংঙ্গ, ১১ বজাত দুপৰীয়া প্ৰসংঙ্গ, দিনৰ ৩ বজাত বিয়লি প্ৰসংঙ্গ আৰু সন্ধিয়া ৬ বজাত সন্ধ্যা প্ৰসংঙ্গ নামঘৰত চলিব ।" ইয়াৰ উপৰি নিশা ১০ বজালৈকে নামঘৰৰ দুৱাৰ খোলা থাকিব বুলিও তেওঁ জানিবলৈ দিয়ে ।

লগতে পঢ়ক :ব’ল ব’মৰ যাত্ৰীয়ে কাল মাতিলে গৰ্ভৱতীৰ, যানজঁটত আবদ্ধ হৈ হেৰুৱালে সন্তানক - Tragic Incident In Doom Dooma
লগতে পঢ়ক :সৰুপথাৰত বান: বিদ্য়ালয়ত আশ্ৰয় শিবিৰৰ মাজতেই চলিছে পাঠদান - Assam Flood 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.