কলিয়াবৰত সৰস্বতী পূজাৰ ব্য়াপক আয়োজন - কলিয়াবৰত সৰস্বতী পূজাৰ ব্য়াপক আয়োজন
🎬 Watch Now: Feature Video


Published : Feb 13, 2024, 6:27 PM IST
কলিয়াবৰ,১৩ ফেব্ৰুৱাৰী: কাইলৈ বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰীশ্ৰীসৰস্বতী পূজা । সৰস্বতী পূজাক লৈ ব্যাপক উচাহ দেখা গৈছে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত । ইতিমধ্য়ে সৰস্বতী পূজা উপলক্ষে সৰস্বতী দেৱীৰ মূৰ্তি নিৰ্মাণস্থলীত ভিৰ কৰিছে ছাত্ৰ-ছাত্ৰীসকলে । কলিয়াবৰৰ প্ৰসিদ্ধ তথা খ্যাতনামা মৃৎশিল্পী ধীৰেন বৰঠাকুৰৰ গৃহত শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীৰ ভিৰ । বিগত ৫০ বছৰ ধৰি মূৰ্তি নিৰ্মাণ কৰি আহিছে কলিয়াবৰৰ শিল্পীগৰাকীয়ে । সৰস্বতী পূজাৰ বাবে প্ৰতিমা নিৰ্মাণত ব্যস্ত ধীৰেণ বৰঠাকুৰৰ লগতে আন আন মৃণ্ময় শিল্পীসকল ।
প্ৰতিমাক জীৱন্ত ৰূপ দি শিল্পীগৰাকীয়ে বিদ্যালয়সমূহলৈ প্ৰেৰণ কৰে মূৰ্তি । কলিয়াবৰৰ নাগশংকৰৰ শিল্পীগৰাকীয়ে সপোনত দেখা এই বিদ্যাৰে শিল্পটোক জীয়াই ৰাখিছে । মূৰ্তি নিৰ্মাণ কৰিয়ে চলি আছে পৰিয়ালটো । আনহাতে, বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলেও সৰস্বতী প্ৰতিমা নিবলৈ আহি উৎসাহিত হোৱা পৰিলক্ষিত হৈছে ।
লগতে পঢ়ক: সৰস্বতী পূজা উপলক্ষে প্ৰতিমা নিৰ্মাণত ব্যস্ত মৃৎশিল্পীসকল