thumbnail

By ETV Bharat Assamese Team

Published : 3 hours ago

ETV Bharat / Videos

অট'চালকৰে সংঘাত : গোচৰ প্ৰত্যাহাৰ নকৰিলে মাৰোৱাৰী সমাজক বৰ্জনৰ সকীয়নি - Protest against Non Assamese

ধেমাজি, ২৭ ছেপ্টেম্বৰ: ধেমাজি জিলাৰ চিলাপথাৰত যোৱা ৯ ছেপ্টেম্বৰত অট'চালক আৰু এজন মাৰোৱাৰী ব্যৱসায়ীৰ মাজত ভাৰাক কেন্দ্ৰ কৰি হোৱা সংঘাতক লৈ প্ৰতিক্ৰিয়া অব্য়াহত আছে । স্থানীয় অট'চালকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰাৰ পিছতেই সংঘাতে তীব্ৰ ৰূপ ধাৰণ কৰিছে । অহা ৭ দিনৰ ভিতৰত খিলঞ্জীয়া যুৱকৰ বিৰুদ্ধে দিয়া গোচৰ প্ৰত্যাহাৰ নকৰিলে বিতৰ্কিত ব্যৱসায়ীৰ লগতে ধেমাজিৰ মাৰোৱাৰী সমাজক বৰ্জন কৰাৰ সকীয়নি দিছে বিভিন্ন সংগঠনৰ লগতে স্থানীয় অট'চালকসকলে ।

শ্ৰমিক সংগঠনৰ অভিযোগ অনুসৰি স্থানীয় বিধায়ক ভূৱন পেগু আৰু প্ৰশাসনে উদ্দেশ্যেপ্ৰণোদিতভাৱে কেৱল বহিৰাগত বণিক গোষ্ঠীটোকহে সুৰক্ষা প্ৰদান কৰি আহিছে । তাৰ বিপৰীতে খিলঞ্জীয়া সাধাৰণ অট'চালক জেললৈ প্ৰেৰণ কৰি বীৰত্ব প্ৰদৰ্শন কৰিছে বুলি ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় চালকসকলে ।

আনহাতে, ২৬ ছেপ্টেম্বৰৰ নিশা সদৌ অসম মটৰ ইউনিয়নৰ সৈতে যৌথভাৱে আলোচনা কৰাৰ পৰিপ্ৰেক্ষিতত শ্ৰমিক ইউনিয়ন,চালক সন্থাৰ লগতে কেইবাটাও জনগোষ্ঠীয় সংগঠনে অহা ৭ দিনৰ ভিতৰত খিলঞ্জীয়া যুৱকৰ বিৰুদ্ধে ৰুজু কৰা গোচৰ প্ৰত্যাহাৰ কৰিবলৈ দাবী জনাইছে ।

লগতে পঢ়ক:খিলঞ্জীয়াক কিয় প্ৰহাৰ কৰিলে বহিৰাগত ব্য়ৱসায়ীয়ে ? - Protest against Non Assamese

খাদ্য খাবলৈ আহি ৰেষ্টোৰাঁৰ মালিকৰে খণ্ডযুদ্ধ সংগঠনৰ নেতাৰ; ক’ত এই কাণ্ড ? - TENSE SITUATION

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.