নকল সোণ সৰবৰাহকাৰীৰ জালত মহাৰাষ্ট্ৰৰ নাগপুৰৰ এজন - Fake gold smuggler arrested

By ETV Bharat Assamese Team

Published : Aug 25, 2024, 2:06 PM IST

thumbnail
নকল সোণ সৰবৰাহকাৰীৰ জালত মহাৰাষ্ট্ৰৰ নাগপুৰৰ এজন (ETV Bharat Assam)

লখিমপুৰ,২৫ আগষ্ট: নকল সোণৰ ঘাটিলৈ যেন পৰিণত হৈছে লখিমপুৰ । আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিও অন্ত পেলাব পৰা নাই নকল সোণৰ বেহা । লখিমপুৰত নকল সোণ সৰবৰাহকাৰীৰ জালত মহাৰাষ্ট্ৰৰ নাগপুৰৰ এজন লোক । নাগপুৰৰ দীপক নাছকুল নামৰ লোকজনৰ পৰা লুটিলে ৪ লক্ষ টকা । যোৱা ৪ আগষ্টত লোকজনৰ পৰা নকল সোণৰ নাও দি লুট কৰিছিল ৪ লক্ষাধিক টকা । পাচত তেওঁ সোণৰ নাওখন নকল সোণৰ বুলি জানিব পাৰি বঙালমৰা আৰক্ষী চকীত দাখিল কৰে এজাহাৰ ।  

ইয়াৰ পিচতেই শনিবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ছাদ্দাম হুছেইন নামৰ এটা নকল সোণৰ সৰবৰাহকাৰীক । আনহাতে ছাদ্দামৰ গেঙৰ মাষ্টাৰ মাইণ্ড আইনুল হকৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে বঙালমৰা আৰক্ষীয়ে । ছাদ্দামৰ ঘৰৰ পৰা আৰক্ষীয়ে জব্দ কৰে বৃহৎ পৰিমাণৰ জালনোট, নকল সোণৰ নাও । আৰক্ষীয়ে এই প্ৰৱঞ্চক চক্রটোত অধিক লোক জড়িত থকাৰ সন্দেহত ছাদ্দাম হুছেইনক জেৰা অব্যাহত ৰাখিছে । 

লগতে পঢ়ক: লখিমপুৰত পুনৰ নকল সোণৰ নাওসহ গ্ৰেপ্তাৰ দুই - FAKE GOLD SEIZED IN LAKHIMPUR

হোজাইত 44 লাখ টকাসহ তিনি নকল সোণ বিক্ৰেতাক আটক - Fake gold smuggler arrested

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.