নৃশংস : পুত্ৰৰ অত্যাচাৰত প্ৰাণ ত্যাগ কৰিলে বৃদ্ধা মাতৃয়ে - Son Kills Mother - SON KILLS MOTHER
🎬 Watch Now: Feature Video


Published : Jun 25, 2024, 10:32 PM IST
গোলাগাট,২৫ জুন: সোমবাৰে নিশা গোলাঘাট জিলাৰ বুঢ়ালিকচন গাঁৱত ভয়ানক ঘটনা । পুত্ৰৰ অত্যাচাৰত মৃত্যু বৃদ্ধা মাতৃৰ । দীপমণি বৰা নামৰ পাষাণ পুত্ৰৰ অত্যাচাৰৰ বলি মাতৃ ৰেনুমাই বৰা । দীৰ্ঘদিন ধৰি দীপমণিয়ে সুৰাৰ ৰাগীত অত্যাচাৰ চলাই আহিছিল পিতৃ-মাতৃক । সোমবাৰে নিশা পুনৰ সুৰাপান কৰি আহি বৃদ্ধ পিতৃ-মাতৃৰ ওপৰত চলাইছিল শাৰিৰীক নিৰ্যাতন । ইফালে মাতৃ ৰেণুমাই বৰা আক্ৰান্ত হৈ আছিল মগজুৰ জটিল ৰোগত ।
সোমবাৰে নিশা পুত্ৰৰ অত্যাচাৰত দুৰ্বল হৈ পৰা মাতৃক ততাতৈয়াকৈ ভৰ্তি কৰোৱা হয় চিকিৎসালয়ত । পিছে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত মৃত্যুবৰণ কৰে মাতৃগৰাকীয়ে । ইফালে ঘটনা সংঘটিত হোৱাৰ পাচতেই ঘৰ এৰি পলায়ন কৰে অভিযুক্ত পুত্ৰ দীপমণি বৰাই । সমগ্ৰ ঘটনা সম্পৰ্কে খুমটাই আৰক্ষী থানাত এজাহাৰ দাখিল কৰাত ঘটনাৰ তদন্ত আৰম্ভ কৰে খুমটাই আৰক্ষীয়ে । উক্ত ঘটনাক কেন্দ্ৰ কৰি চেপা উত্তেজনাই বিৰাজ কৰিছে বুঢ়ালিকচন অঞ্চলত ।