বিধায়ক ভূপেন বড়োৰ বাসগৃহৰ সন্মুখত গুলীৰ শব্দ ! কি সন্দেহ কৰে বিধায়কগৰাকীয়ে ? - MLA BHUPEN BORO

By ETV Bharat Assamese Team

Published : Aug 3, 2024, 8:41 PM IST

thumbnail
বৰমাৰ বিধায়ক ভূপেন বড়ো (ETV Bharat Assam)

বাক্সা, ৩ আগষ্ট : শুকুৰবাৰে নিশা বৰমাৰ বিধায়ক ভূপেন বড়োৰ বাসগৃহৰ সম্মুখত শুনা গ’ল এক প্ৰচণ্ড শব্দ ৷ বিধায়ক ভূপেন বড়ো দিছপুৰৰ বিধায়ক আৱাসত থকাৰ সময়তে ঘটনাটো সংঘটিত হয় ৷ গুলীৰ শব্দ বুলি ধাৰণা কৰাৰ পিচতে উক্ত স্থানত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰে ৷ শনিবাৰে বিধায়কগৰাকীয়ে মন্তব্য প্ৰকাশ কৰে ঘটনাটোৰ সন্দৰ্ভত ৷

বিধায়কগৰাকীয়ে কয়, ‘‘ কালি দিনটো মই গুৱাহাটীত আছিলো ৷ ৰাতি 8:30 মান বজাত মই খবৰ পালো যে আমাৰ ঘৰত গুলীৰ শব্দ শুনা গৈছে ৷ কিন্তু স্পষ্ট নহয় যে সেয়া গুলীৰ শব্দ নে শিলৰ শব্দ ৷ ঘটনাটোৰ সন্দৰ্ভত আৰক্ষী-প্ৰশাসনে তদন্ত চলাই আছে ৷ ইয়াৰ বিষয়ে মই স্পষ্টকৈ ক’ব নোৱাৰিম ৷’’

আনহাতে বিধায়ক ভূপেন বড়োৱে কয়, ‘‘ হীৰা শৰণীয়াৰ গণ সুৰক্ষা পাৰ্টী আৰু বি পি এফৰ বহু নেতা-কৰ্মীয়ে মোৰ আৰু জিলা সমিতিৰ তত্বাৱধানত যোগদান কৰিব ৷ সেই কথাত গণ সুৰক্ষা পাৰ্টীৰ মানুহখিনিৰ খং উঠিছে বুলি সন্দেহ আছে ৷ সেইটোও নুই কৰিব নোৱাৰি ৷’’

লগতে পঢ়ক : বিধায়ক ভূপেন বড়োৰ ঘৰৰ সমুখত প্ৰচণ্ড শব্দ: গুলীচালনাৰ সন্দেহ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.