thumbnail

মঠঘৰীয়াত মহিলাৰ ডিঙিৰ পৰা চিলনী চোৰে থপিয়ালে সোণৰ চেইন - Chain Snatching

By ETV Bharat Assamese Team

Published : Jun 24, 2024, 9:28 PM IST

গুৱাহাটী, 24 জুন : স্মাৰ্ট আৰক্ষীৰ নিৰাপত্তাৰ স্বৰূপ উদঙাই ৰাজধানী গুৱাহাটী মহানগৰীত অব্যাহত আছে চিলনী চোৰৰ সন্ত্ৰাস ৷ এইবাৰৰ স্থান নুনমাটি থানাৰ অন্তৰ্গত মঠঘৰীয়া ৷ সোমবাৰে দিন দুপৰতে চিলনী চোৰে এগৰাকী মহিলাৰ ডিঙিৰ পৰা থপিয়াই নিয়ে সোণৰ চেইন ৷  

জানিব পৰা মতে মঠঘৰীয়া শান্তি নগৰৰ বাসিন্দা মহিলাগৰাকীয়ে সন্তানক লগত লৈ আজি দিনৰ ভাগত স্বামীৰ লগত স্কুটীৰে অসম জাতীয় বিদ্যালয়লৈ গৈছিল ৷ বিদ্যালয়ত সন্তানক নমাই থৈ নুনমাটি দিশৰ পৰা ঘৰ অভিমুখে আহি থকা অৱস্থাত মঠঘৰীয়াত ক’লা ৰঙৰ পালচাৰ বাইকত অহা, হেলমেট পৰিহিত দুই দুৰ্বৃত্তই মহিলাগৰাকীৰ ডিঙিৰ পৰা কাঢ়ি লৈ যায় সোণৰ চেইন ৷  

এই আকস্মিক ঘটনাত হতচকিত হৈ পৰা ভুক্তভোগী মহিলাগৰাকীয়ে চোৰ চোৰ বুলি চিঞৰ-বাখৰ কৰে যদিও সেই সময়ত সহায়ৰ বাবে কোনো লোক উপস্থিত নোহোৱাত দুই দুৰ্বৃত্তই পলায়ন কৰিবলৈ সক্ষম হয় ৷ ঘটনাৰ পিচতে স্থানীয় ৰাইজে নুনমাটি আৰক্ষীক খবৰ দিয়াত আৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে যদিও চিলনী চোৰৰ কোনো সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই ৷ চেইন কাঢ়ি নিয়াৰ সময়ত মহিলাগৰাকীয়ে ডিঙিত কিছু আঘাত পায় বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : জোনাইৰ সাপ্তাহিক বজাৰত চোৰাংভাৱে গৰু বিক্ৰীৰ বাবে চেষ্টা; চোৰসহ আটক তিনি - Cattle Smuggling

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.