‘কা’ বলৱৎ হোৱা সন্দৰ্ভত মন্তব্য মন্ত্ৰী পীযুষ হাজৰীকাৰ

By ETV Bharat Assamese Team

Published : Mar 11, 2024, 10:46 PM IST

thumbnail

গুৱাহাটী, 11 মাৰ্চ : ‘কা’ বলৱৎ হোৱা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মন্ত্ৰী পীযুষ হাজৰীকাই ৷ তেওঁ কয়, ‘কা বলৱৎ আজিৰ পৰা চাৰে তিনিবছৰ আগতেই হৈছিল ৷ ইয়াত নতুনত্ব একো নাই ৷ আমি কোনো মিছা কথা কাকো ক’ব খোজা নাই ৷ ‘কা’ বলৱৎ হোৱা পিচত কোনো বাংলাদেশী মানুহ অসমলৈ আহিব নোৱাৰে ৷  যিসকল '১৪ চনৰ আগতেই আহিছিল তেওঁলোকে নাগৰিকত্ব পাব বুলি CAA ত কোৱা হৈছে ৷  অসমলৈ ৪০ বছৰ আগতে অহা কেইজনমানেহে নাগৰিকত্ব পাব পাৰে ৷  যোৱা ১০/২০ বছৰত বাংলাদেশৰ পৰা কোনো মানুহ আহিছে বুলি নাভাবো ৷’

আছুৱে ‘কা’ সন্দৰ্ভত প্ৰতিবাদ কৰা সন্দৰ্ভত মন্তব্য কৰি মন্ত্ৰী পীযুষ হাজৰীকাই কয়, ‘সকলোৰে দৃষ্টি কোণ বেলেগ ৷  এটা কথাত আমি একমত হ’ব লাগে যে, সকলো দল-সংগঠন,ৰাজনৈতিক-অৰাজনৈতিক দল সকলোৱে অসম বা দেশৰ ভালৰ কাৰণে চিন্তা কৰিব লাগে ৷ শান্তিপূৰ্ণ আন্দোলনৰ নামত যোৱা বাৰৰ দৰে গুৱাহাটীখন ধংস কৰিব নালাগে ৷’

অখিল গগৈয়ে কা বলৱৎ হ’লে অসমৰ ৰাজপথলৈ ওলাই আহিব লাগে বুলি কোৱা সন্দৰ্ভতো মন্তব্য মন্ত্ৰী পীযুষ হাজৰীকাৰ ৷ তেওঁ কয়, ‘অখিল গগৈক আহ্বান জনাইছো অবান্তৰ কথা কৈ মানুহক যাতে বিপথে পৰিচালিত নকৰে ৷ আমি সকলো ভাই-ককাই ৷ আমাৰ মাজত ৰাজনৈতিক দৃষ্টিভংগী বেলেগ হ’ব পাৰে, কিন্তু অসমৰ উন্নতিৰ বাবে সকলোৱে কাম কৰিব লাগিব ৷ শান্তিপূৰ্ণভাৱে কোনোবাই কৰবাত আন্দোলন কৰক তাত একো ক’বলগীয়া নাই ।’

লগতে পঢ়ক : কা বলৱৎ: শিৱসাগৰত ভীষণ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.