’অৱ কী বাৰ, ৪০০ পাৰ’ শ্ল’গানে শক্তি দিয়ে বিজেপিৰ দলীয়-কৰ্মকৰ্তাসকলক : যোগেন মহন

By ETV Bharat Assamese Team

Published : Feb 20, 2024, 10:43 PM IST

thumbnail

ডিব্ৰুগড়, 20 ফেব্ৰুৱাৰী: ’২৪ৰ লোকসভা নিৰ্বাচনত বিৰোধীক অস্তিত্বহীন কৰি বিজেপিয়ে এককভাৱে ৪০০ আসন লাভ কৰাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে  ৷  ইতিমধ্যে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰিছে ‘অৱ কী বাৰ, ৪০০ পাৰ’ । এই  মন্তব্য মন্ত্ৰী যোগেন মহনৰ ৷

মন্ত্ৰীগৰাকীয়ে লগতে কয় যে প্ৰধানমন্ত্ৰীৰ এই শ্ল’গানে শক্তি দিয়ে বিজেপিৰ দলীয়-কৰ্মকৰ্তাসকলক । এইবাৰ ৪০০ আসন পাৰ কৰিবলৈ বদ্ধপৰিকৰ বিজেপিৰ কৰ্মকৰ্তাসকল । ৰাইজ এতিয়া বিজেপিৰ লগত আছে । লোকসভা নিৰ্বাচন জয়ৰ বাবে বিজেপিৰ কষ্ট নহয় ।

উল্লেখ্য যে মন্ত্ৰী যোগেন মহনে মৰাণৰ হিংৰিজানত মন্তব্য প্ৰদান কৰে এনেদৰে । মঙলবাৰে মাহমৰা সমষ্টিৰ হিংৰিজান চাহ বাগিচাত ‘জগন্নাথ প্ৰেক্ষাগৃহ আৰু দক্ষতা বিকাশ কেন্দ্ৰ’ৰ আধাৰশিলা স্থাপন কৰে মন্ত্ৰীগৰাকীয়ে ।

প্ৰায় ডেৰ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ'বলগীয়া এই প্ৰেক্ষাগৃহৰ পৰা সকলোৱে উপকৃত হ'ব পাৰিব বুলি আশা মন্ত্ৰীগৰাকীৰ । ইফালে যিকোনো মুহুৰ্তত লোকসভা নিৰ্বাচনৰ দিন ঘোষণা কৰিলেও বিজেপি দল সম্পূৰ্ণৰূপে সাজু হৈ আছে বুলি মন্তব্য প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে ।

লগতে পঢ়ক: পানেৰী সমষ্টিত কেইবা কোটিৰ আঁচনিৰ আধাৰশিলা স্থাপন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.