শিৱৰাত্ৰিৰ আনন্দ উল্লাসৰ মাজতে মাজুলীত অঘটন - bhang on mahashivratri
🎬 Watch Now: Feature Video


Published : Mar 9, 2024, 10:40 PM IST
মাজুলী, 9 মাৰ্চ : অসমত উলহ-মালহেৰে পালন কৰা হৈছে মহাশিৱৰাত্ৰি ৷ সকলোৱে ভগৱান শিৱৰ আশীষ বিচাৰি মন্দিৰত ভিৰ কৰা পৰিলক্ষিত হৈছে ৷ এই আনন্দ উল্লাসৰ মাজতে মাজুলীত সংঘটিত হৈছে এক অঘটন ৷
মহাশিৱৰাত্ৰিৰ দিনটোতে সাত-আঠজনীয়া দল এটাই ভাঙৰ পাত খোৱাৰ মন মেলে ৷ ভবা মতেই কাম ৷ ভাঙৰ পাত চিঙি আনি ভাজি খাই তেওঁলোকে ৷ তাৰ পিচতে ঘটে অঘটন ৷ অসুস্থ হৈ পৰে তেওঁলোক ৷ দলটোত শিশুও আছিল বুলি জানিবলৈ দিছে স্থানীয় লোকে ৷
বিষক্ৰিয়া হৈ সাতজন লোক এতিয়া চিকিৎসাধীন হৈ আছে । অসুস্থ হোৱা আটাইকে গড়মূৰ জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । চাৰিবছৰীয়া আৰু দহবছৰীয়া শিশুসহ সাতজন লোকৰ চিকিৎসা চলি আছে । মাজুলীৰ জম্বো চুকত সংঘটিত হৈছে এই দুখলগা ঘটনা । ভাঙৰ পাতৰ ভাজি খাই সকলোৰে মূৰৰ কামোৰণি, বমি আদি হয় যাৰ ফলশ্ৰুতিত অসুস্থ হোৱা লোকসকলক গড়মূৰ জিলা চিকিৎসালয়ত ভৰ্তি কৰে স্থানীয় ৰাইজে ।
লগতে পঢ়ক : কাছাৰৰ ভূৱন তীৰ্থত শিৱৰ আৰাধনা কৰিবলৈ গৈ শিৱভক্তৰ মৃত্যু