চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ কাম লেহেমীয়া হোৱাৰ বিৰুদ্ধে যোৰহাটত তীব্ৰ প্ৰতিবাদ - Protest in Jorhat

By ETV Bharat Assamese Team

Published : Sep 9, 2024, 9:17 PM IST

thumbnail
যোৰহাটত তীব্ৰ প্ৰতিবাদ (ETV Bharat)

যোৰহাট, 9 ছেপ্টেম্বৰ: ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ যোৰহাটস্থিত কাৰ্যালয়ত সোমবাৰে আছুকে ধৰি কেবাটাও দল-সংগঠনৰ উত্তাল প্ৰতিবাদ ৷ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ দায়িত্বজ্ঞানহীনতাৰ বাবে আজি দহ বছৰে যোৰহাটৰ অজন্তা বাইপাছৰ পৰা জাঁজীলৈকে চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কাম সম্পূৰ্ণ নোহোৱাৰ অভিযোগ উঠিছে ।

যোৰহাটৰ অজন্তা বাইপাছৰ পৰা জাঁজীলৈকে চাৰিলেনযুক্ত পথ নিৰ্মাণত ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগমৰ চূড়ান্ত অনিয়ম, যোৰহাটস্থিত শাখা কাৰ্যালয়ৰ বিভিন্ন অনিয়ম ফাদিল হোৱাৰ ভয়ত খিলঞ্জীয়া বিষয়া-কৰ্মচাৰীক কৌশলগতভাৱে বৰ্খাস্ত কৰা আৰু বিভিন্ন ঠাইলৈ স্থানান্তৰ কৰাৰো অভিযোগ তুলিছে প্ৰতিবাদকাৰীসকলে ৷

তাৰোপৰি অস্বাভাৱিক হাৰত গছ-গছনি কাটি তহলিং কৰা আৰু  NHIDCL এ ফ’ৰলেন সম্প্ৰাসৰণৰ নামত অধিগ্ৰহণ কৰা মাটিৰ সম্পূৰ্ণ ক্ষতিপূৰণ আদায় নকৰাৰ বিৰুদ্ধে সোমবাৰে যোৰহাটবাসী ৰাইজক লগত লৈ আছু, বীৰ লাচিত সেনা অসম, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু আটাছুকে ধৰি বিভিন্ন দল-সংগঠনে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।

চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণ কাৰ্যত অযোগ্য বুলি বিবেচিত হোৱা বিতৰ্কিত অনা অসমীয়া ঠিকাদাৰী প্ৰতিষ্ঠানক বৃহৎ অংকৰ কমিচনৰ বিনিময়ত পুনৰ কামৰ আৱন্টন দিয়া বুলি অভিযোগ উথাপন কৰে প্ৰতিবাদীসকলে । আনহাতে ই টিভি ভাৰতৰ বাতৰি আঁত ধৰি উক্ত প্ৰতিবাদী দল-সংগঠনসমূহে আজি ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ পৰা বনধ্বংসৰ উত্তৰ বিচাৰে । 

লগতে পঢ়ক: উন্নয়নৰ নামত কেতিয়ালৈ বনধ্বংসযজ্ঞ, গছ কটাৰ বিৰুদ্ধে গোচৰ ৰুজু - Deforestation in Assam

মিঞা হাটাও অভিযান : চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণত স্থবিৰতা - Four Lane National Highway

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.