গৌৰৱ গগৈক প্ৰাৰ্থিত্ব প্ৰদানৰ পিচতে মাজুলীত আনন্দৰ বন্যা

By ETV Bharat Assamese Team

Published : Mar 12, 2024, 10:40 PM IST

thumbnail

মাজুলী, 12 মাৰ্চ: মঙলবাৰে ঘোষিত হ’ল কংগ্ৰেছৰ দ্বিতীয়খন প্ৰাৰ্থী তালিকা ৷ সেই অনুসৰি যোৰহাট লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থীৰ নামো ঘোষণা কৰা হ’ল ৷ যোৰহাট লোকসভা সমষ্টিৰ প্ৰাৰ্থী হিচাবে প্ৰাৰ্থিত্ব প্ৰদান কৰা হ’ল গৌৰৱ গগৈক ৷

গৌৰৱ গগৈৰ নাম ঘোষণা কৰাৰ লগেলগে মাজুলীত দেখিবলৈ পোৱা গ’ল আৱতৰীয়া দীপাৱলী । মাজুলীৰ গড়মূৰ ৰাজপথত ফুটিল আতচবাজী । কংগ্ৰেছ কৰ্মীসকলৰ মাজত আনন্দ-উল্লাস দেখা গৈছে মাজুলীত ৷

আজিৰ দিনটো যোৰহাট তথা মাজুলীবাসীৰ কাৰণে অতি আনন্দৰ দিন বুলি মন্তব্য কৰে কংগ্ৰেছ কৰ্মীসকলে ৷ যুৱনেতা গৌৰৱ গগৈক দেশৰ শ্ৰেষ্ঠ সাংসদ হিচাবে অভিহিত কৰে মাজুলীৰ কংগ্ৰেছ কৰ্মীসকলে ৷ গৌৰৱ গগৈক কংগ্ৰেছ প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ বাবে মাজুলীবাসী উৎফুল্লিত হৈ পৰা বুলি কংগ্ৰেছ কৰ্মীসকলে মন্তব্য কৰে ৷

লগতে পঢ়ক: অসমত কংগ্ৰেছে কাক কাক দিলে প্ৰাৰ্থিত্ব ? ৰাজ্যৰ ১২ খন আসনৰ প্ৰাৰ্থী ঘোষণা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.