LIVE: মুম্বাইত ভাৰতীয় দলৰ টি-২০ বিশ্বকাপ ২০২৪ বিজয়ৰ মহোৎসৱ - T20 World Cup 2024 Victory Parade

By ETV Bharat Assamese Team

Published : Jul 4, 2024, 6:29 PM IST

Updated : Jul 4, 2024, 9:58 PM IST

thumbnail

ভাৰতীয় ক্ৰিকেট ব’ৰ্ড অৱ কণ্ট্ৰলৰ উদ্যোগত মুম্বাইত আজি ভাৰতীয় দলৰ টি-২০ বিশ্বকাপ ২০২৪ ৰ বিজয়ৰ উদযাপন কৰা হৈছে । দক্ষিণ মুম্বাইৰ এন চি পি এৰ পৰা আৰম্ভ হ’ব বিজয় পেৰেড ৷ দৰ্শকৰ বাবে নিৰ্দিষ্ট তিনিখন গেটেৰে ৱাংখেড়ে ষ্টেডিয়ামত প্ৰৱেশ বিনামূলীয়া কৰা হৈছে ।লগতে এই উপলক্ষে ষ্টেডিয়ামৰ চাৰিওফালে নিৰাপত্তা কটকটীয়া কৰা হৈছে । এখন ডাবল ডেকাৰ বাছে দলটোক নৰিমান পইণ্টৰ পৰা মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামলৈ লৈ গৈছে । বিজয় পেৰেডৰ বাবে মেৰিন ড্ৰাইভত বিপুল জনসমাগম হৈছে আৰু এই যাত্ৰা সন্ধিয়া ৬ বজাৰ পৰা আৰম্ভ হৈছে ।"এমচিএই জনসাধাৰণৰ বাবে প্ৰস্তুতি চলাইছে । মুম্বাই পুলিচ আৰু বিচিচিআইৰ নিৰ্দেশনাত আমি প্ৰথম অহা প্ৰথম অগ্ৰাধিকাৰত জনসাধাৰণক বিনামূলীয়াকৈ প্ৰৱেশ দিবলৈ ওলাইছো...কালি মুম্বাই আৰক্ষীৰ সৈতে আমাৰ বৈঠক হৈছিল ।"

Last Updated : Jul 4, 2024, 9:58 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.