জোনাই : ধেমাজি জিলাৰ চিলাপথাৰত শিৰশ্ছেদ কৰা অৱস্থাত উদ্ধাৰ হোৱা এটা মৃতদেহক লৈ অঞ্চলজুৰি বিৰাজ কৰিছে চাঞ্চল্য । জিলাখনৰ জলকীয়াসূঁতিত শিৰশ্ছেদ কৰা অৱস্থাত এই যুৱকজনৰ মৃতদেহটো উদ্ধাৰ হয় ।
যুৱকজনৰ দেহৰ বিভিন্ন অংশত আঘাতৰ চিহ্নও স্পষ্ট হৈ আছে । যুৱকজনক দুৰ্বৃত্তই হত্যা কৰি ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত মৃতদেহটো পেলাই থৈ যোৱাৰ সন্দেহ কৰা হৈছে ।
ঘটনাৰ বিৱৰণি অনুসৰি শুক্ৰবাৰে পুৱাই চিলাপথাৰৰ ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ জলকীয়াসূঁতিৰ উদ্ধাৰ হয় যুৱকজনৰ মৃতদেহ । মৃতদেহটো ৰাইজে প্ৰত্যক্ষ কৰাৰ পাছতেই অঞ্চলজুৰি চাঞ্চল্য সৃষ্টি হয় । চিলাপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত উদ্ধাৰ হোৱা অচিনাক্ত মৃতদেহটো অৱশেষত চিনাক্ত কৰিলে স্থানীয় ৰাইজে ।
মৃতদেহটো চিলাপথাৰৰ ২ নং ভৈৰৱপুৰৰ কৰ্ণ দাসৰ পুত্ৰ কংকন ওৰফে সুমন দাস (২৯) বুলি চিনাক্ত কৰা হয় । বিবস্ত্ৰ আৰু শিৰশ্ছেদ কৰা অৱস্থাত উদ্ধাৰ হৈছে মৃতদেহটো । মৃত যুৱকজনৰ মূৰ আৰু হাতত আছে ক্ষতচিহ্ন । অৰুণাচলত ব্যৱসায় কৰা কংকনে বৃদ্ধ মাতৃৰ চিকিৎসাৰ বাবে অলপতে চিকিৎসাৰ বাবে ঘৰলৈ আহিছিল । বৃহস্পতিবাৰে নিশা প্ৰায় ৯ বজাত ডিব্ৰুগড়লৈ বুলি ঘৰৰ পৰা ওলাই গৈছিল কংকন ।
আনহাতে, যুৱকজনৰ AS 04S-8431 নম্বৰৰ নীলা বাহনখন উদ্ধাৰ হয় মৃতদেহ উদ্ধাৰ হোৱা স্থানৰ পৰা কিছু নিলগৰ চিলাবালি গাঁৱত । ইয়াৰ পিছতেই চিলাপথাৰ আৰক্ষীয়ে দণ্ডাধীশ, জিলা উপ-আৰক্ষী অধীক্ষকৰ উপস্থিতিত মৃতদেহটো উদ্ধাৰ কৰি অব্যাহত ৰাখিছে তদন্ত । লগতে জব্দ কৰিছে উদ্ধাৰ হোৱা বাহনখন । ইপিনে, চাঞ্চল্য সৃষ্টিকাৰী ঘটনাটোৰ তদন্ত কৰি দোষীক শীঘ্ৰেই কৰায়ত্ত কৰিবলৈ দাবী জনাইছে সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্য়নে ।