ETV Bharat / state

আৰম্ভ হ'ল অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বি-বাৰ্ষিক পাঠশালা অধিৱেশন - ASAM SAHITYA SABHA SESSION 2025

পুৱা নামঘৰৰ দ্বাৰ মুকলিৰ লগে লগে আৰম্ভ হ'ল অসম সাহিত্য সভাৰ পাঠশালা অধিৱেশন ।

Asam Sahitya Sabha
অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বি-বাৰ্ষিক পাঠশালা অধিৱেশন (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Jan 31, 2025, 3:28 PM IST

বাক্সা : বজালী জিলাৰ সদৰ পাঠশালাৰ ভট্টদেৱ ক্ষেত্ৰত শুক্ৰবাৰৰ পৰা আৰম্ভ হ'ল বহু অপেক্ষিত অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বি-বাৰ্ষিক অধিৱেশন । পুৱা ৮-৩০ বজাত বামাখাটা সত্ৰৰ সত্ৰাধিকাৰ প্ৰবোধ দেৱ অধিকাৰীয়ে নামঘৰৰ দ্বাৰ মুকলি কৰাৰ লগে লগে অসম সাহিত্য সভাৰ পাঠশালা অধিৱেশনৰ কাৰ্যসূচীৰ শুভাৰম্ভ হয় । ইয়াৰ পিছতে বন্তি প্ৰজ্বলন, গুৰু আসন প্ৰতিষ্ঠা কৰা হয় ।

অসম সাহিত্য সভাৰ পাঠশালা অধিৱেশনৰ শুভাৰম্ভ

অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বি-বাৰ্ষিক পাঠশালা অধিৱেশন (ETV Bharat)

পুৱা ৯ বজাৰ লগে লগে অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বি-বাৰ্ষিক পাঠশালা অধিৱেশনৰ উদযাপন সমিতিৰ সভাপতি তথা অসম চৰকাৰৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ভট্টদেৱ ক্ষেত্ৰ উদ্বোধন কৰে । ইয়াৰ পিছতেই সাহিত্য সভাৰ মুখ্যদ্বাৰ উন্মোচন কৰে বিশিষ্ট নাট্যকাৰ অসম সৌৰভ কৃষ্ণ ৰয়ে । ইয়াৰ পিছত গুৰু প্ৰসাদ দাস বিজ্ঞান মেলাৰ উন্মোচন কৰে অসমৰ বিজ্ঞান, প্ৰযুক্তি বিদ্যা আৰু জলবায়ু পৰিৱৰ্তনকে ধৰি কেইবাটাও বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই ৷ বিজ্ঞান মেলাত ভাৰতীয় সেনা বাহিনীৰ অস্ত্ৰসমূহো প্ৰদৰ্শন কৰা হৈছে ৷ ইয়াৰ দ্বাৰা জনসাধাৰণক ভাৰত চৰকাৰৰ শক্তি সম্পৰ্কে কিছু আভাস দিয়াৰ প্ৰয়াস কৰা হৈছে ৷ একেদৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, পীযুষ হাজৰীকাকে ধৰি কেইবাগৰাকীও মন্ত্ৰী তথা বিধায়ক আৰু সাংসদ অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বি-বাৰ্ষিক পাঠশালা অধিৱেশনৰ কাৰ্যসূচীত উপস্থিত থাকে ।

প্ৰথমবাৰলৈ বিজ্ঞান মেলা

উদযাপন সমিতিৰ সভাপতি ৰণজিৎ কুমাৰ দাসে কয়, "অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ স্বীকৃতি পোৱাৰ পিছতেই প্ৰথমবাৰৰ বাবে সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বি-বাৰ্ষিক পাঠশালা অধিৱেশন অনুষ্ঠিত হৈছে ৷ অসমৰ সকলো শ্ৰেণীৰ ৰাইজে সহযোগিতা কৰাৰ লগতে যিসকলে আহিব নোৱাৰে তেখেতসকলে দূৰৈৰ পৰাই আশীৰ্বাদ দিব বুলি আশা কৰিলো ৷" তেওঁ লগতে কয় যে ১৯৮৭ চনত পাঠশালা সাহিত্য সভাৰ অধিৱেশনত পোন প্ৰথমবাৰৰ বাবে গ্ৰন্থমেলা অনুষ্ঠিত হৈছিল আৰু এতিয়া সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বি-বাৰ্ষিক পাঠশালা অধিৱেশনত বিজ্ঞান মেলাৰ সংযোজন কৰা হৈছে ৷ এই বিজ্ঞান মেলা যাতে আহিবলগীয়া সাহিত্য সভাসমূহত বৰ্তি থাকে তাৰো কামনা কৰে মন্ত্ৰীগৰাকীয়ে ৷

অসম চৰকাৰৰ মন্ত্ৰী কেশৱ মহন্তই কয় যে পাঠশালা হৈছে বিদ্যায়তনিক ৷ ধ্ৰুপদী ভাষা সংযোজন হোৱাৰ পিছতেই অসম সাহিত্য সভা পাঠশালাত অনুষ্ঠিত হৈছে, সেয়েহে অসমীয়া ভাষাটো আৰু অধিক উন্নত হ'ব বুলিও তেওঁ উল্লেখ কৰে ৷

লগতে পঢ়ক :মৃত্যুৰ পাছত আত্মীয়-কুটুম্বে কিয় মে-ডাম-মে-ফিত পূৰ্বপুৰুষক সেৱা আগবঢ়ায় ? - ME DAM ME PHI 2025

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.