গুৱাহাটী : ‘‘ভূমি সম্পৰ্কীয় জটিল বিষয়সমূহ অনলাইন মাধ্যমেৰে সৰলীকৰণৰ বাবে চৰকাৰে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে । যাৰ ফলত বহু কাম এতিয়া কাৰ্যালয়লৈ নোযোৱাকৈয়ে ঘৰতে বহি সম্পন্ন কৰিব পৰা হৈছে । চৰকাৰে জনতাৰ সুবিধাৰ বাবে এনে ব্যৱস্থা কৰিছে যদিও বহুক্ষেত্ৰত নানান কাৰণত ৰাইজে সমস্যাৰো সন্মুখীন হ'বলগীয়া হৈছে । বহু সময়ত অনলাইন ব্যৱস্থাৰ কাৰিকৰী বিসংগতিৰ লগতে আন কেতবোৰ কাৰণৰ বাবেও সমস্যাৰ সন্মুখীন হৈ আহিছে ।’’ এই কথা প্ৰকাশ হৈছে ৰাজ্য চৰকাৰৰ ৰাজহ বিভাগৰ তথ্যত ।
ৰাজহ বিভাগৰ তথ্য অনুসৰি, বিশেষকৈ অনলাইন ব্যৱস্থাৰে মাটিৰ খাজনা পৰিশোধ কৰোতে বহুতেই ভুগিবলগীয়া হৈছে যমৰ যাতনা । ডিজিটেল ব্যৱস্থাক প্ৰাধান্য দি ৰাজহ সংগ্ৰহ কৰিবলৈ গৈ উজুটি খোৱা ৰাজ্য চৰকাৰে যাৰ বাবে অৱশেষত সিদ্ধান্ত সলনি কৰিবলগীয়া হ'ল । যুগ যুগ ধৰি মৌজাদাৰৰ দ্বাৰা ভূমি ৰাজহ সংগ্ৰহ কৰা হৈছিল যদিও যোৱা বছৰ হঠাৎ অনলাইনতহে মাটিৰ খাজনা সংগ্ৰহ কৰাৰ ফলতে ভূমি ৰাজহ আৰু পঞ্জীয়নৰ শিতানত ২৫ শতাংশ কৰ সংগ্ৰহ হ্ৰাস পায় ।
ৰাজহ বিভাগৰ এগৰাকী গাণনিক বিষয়াই জনোৱা মতে, ৰাজ্য চৰকাৰে ৭টা শিতানত সংগ্ৰহ কৰা ৰাজহৰ ভিতৰত কেৱল ভূমি ৰাজহ আৰু পঞ্জীয়ন শিতান বাদ দি আন আটাইকেইটা শিতানত ৰাজহ সংগ্ৰহৰ পৰিমাণ বৃদ্ধি হৈছে । ৰাজ্য চৰকাৰে মৌজাদাৰৰ পৰিৱৰ্তে অনলাইনত মাটিৰ খাজনা আদায়ৰ ব্যৱস্থা কৰে যদিও সাধাৰণ ৰাইজ অনলাইন ব্যৱস্থাৰে মাটিৰ খাজনা আদায়ত অভ্যস্ত নোহোৱাৰ ফলত ২০২৪-২৫ বৰ্ষৰ এপ্ৰিলৰ পৰা নৱেম্বৰলৈ মাত্ৰ ৫৩৪ কোটি টকাহে খাজনা সংগ্ৰহ হয় । অথচ ২০২৩-২৪ বছৰৰ এপ্ৰিলৰ পৰা নৱেম্বৰ মাহলৈ ৭০৯ কোটি টকা ভূমি ৰাজহ আৰু পঞ্জীয়ন মাচুল সংগ্ৰহ হৈছিল । অৰ্থাৎ পূৰ্বৰ বৰ্ষৰ তুলনাত যোৱা বছৰ মাটিৰ খাজনা আৰু পঞ্জীয়ন মাচুল সংগ্ৰহ ২৫ শতাংশলৈ হ্ৰাস পায় ।
ইয়াৰ বিপৰীতে উক্ত সময়ছোৱাত আবকাৰীত ৰাজহ সংগ্ৰহৰ পৰিমাণ বৃদ্ধি পায় । ২০২৩-২৪ বৰ্ষৰ উক্ত সময়ছোৱাত আবকাৰী ৰাজহ সংগ্ৰহৰ পৰিমাণ আছিল ১,৮৩৬ কোটি টকা । ইয়াৰ বিপৰীতে ২০২৪-২৫ বৰ্ষত আবকাৰী ৰাজহ সংগ্ৰহৰ পৰিমাণ বৃদ্ধি পায় ২,২২৬ কোটি টকালৈ । অর্থাৎ মাত্ৰ এটা বছৰতে আবকাৰী ৰাজহ সংগ্ৰহৰ পৰিমাণ বৃদ্ধি পায় ২১ শতাংশলৈ । কৰ, অনা কৰ, খনি আৰু খনিজ পদাৰ্থ বন আৰু পৰিবহণ শিতানত ৰাজহ সংগ্ৰহৰ পৰিমাণ বৃদ্ধি পাইছে ।
লক্ষণীয় বিষয় যে মাটিৰ খাজনা অনলাইনত সংগ্ৰহ কৰাৰ ব্যৱস্থাৰ ফলত ৰাজহ সংগ্ৰহৰ পৰিমাণ হ্ৰাস হোৱাৰ কথা জানিব পাৰি ৰাজ্য চৰকাৰৰ কেবিনেটে অলপতে অনলাইনৰ লগতে পূৰ্বৰ মৌজাদাৰ প্ৰথাৰে অর্থাৎ ৰচিদ প্ৰাপ্তিৰে খাজনা সংগ্ৰহৰ দুয়োটা ব্যৱস্থা বাহাল ৰখাত অনুমোদন জনাবলৈ বাধ্য হৈ পৰে । চৰকাৰে এবছৰৰ বাবে দুয়োটা ব্যৱস্থাৰে খাজনা দিয়াৰ সুবিধা প্ৰযোজ্য কৰিছে ।
২০২৩-২৪ বৰ্ষত ১৪,৫৭৮ কোটি টকা কৰ সংগ্ৰহ হোৱাৰ বিপৰীতে ২০২৪-২৫ বৰ্ষত ১৫,৬৭০ কোটি টকালৈ কৰ সংগ্ৰহ বৃদ্ধি (৭ শতাংশ) হয় । পৰিবহণত ১,০৮০ টকাৰ পৰা ১,১৩০ কোটি টকালৈ (৫ শতাংশ), খনি আৰু খনিজাত সামগ্ৰীত ২,৫৩৬ কোটি টকাৰ পৰা ২,৬১৯ কোটি টকালৈ (৩ শতাংশ), বন ক্ষেত্ৰত ২৪৩ কোটি টকাৰ পৰা ২৬৫ কোটি টকালৈ (৯ শতাংশ), অন্যান্য অনা কৰ শিতানত ১,১১০ কোটি টকাৰ পৰা ১,২৩২ কোটিলৈ (১১ শতাংশ) বৃদ্ধি হয় ।
এই সময়ছোৱাত সামগ্ৰিকভাৱে ২২,০৯২ কোটি টকাৰ পৰা ২৩,৬৭৬ কোটি টকালৈ (৭ শতাংশ) কৰ সংগ্ৰহ বৃদ্ধি হোৱাৰ বিপৰীতে মাটিৰ খাজনা আৰু পঞ্জীয়নত ২৫ শতাংশলৈ ৰাজহ সংগ্ৰহ হ্ৰাস হোৱাৰ কথা ওলাই পৰিছে ৰাজ্য চৰকাৰ ৰাজহ বিভাগৰ তথ্যত ।
বাধ্যত পৰি চৰকাৰে লগতে বাহাল ৰাখিলে পূৰ্বৰ ব্যৱস্থা :
ৰাজ্য চৰকাৰে কেবিনেট সিদ্ধান্ত যোগে 'সেৱাসেতু'ৰ যোগেদি খাজনা দিয়াৰ অনলাইন ব্যৱস্থা কৰাৰ পিছত ৰাজহ সংগ্ৰহৰ পৰিমাণ কমি যোৱাত চৰকাৰে পুনৰ সিদ্ধান্ত সলনি কৰিবলৈ বাধ্য হয় । পুনৰ কেবিনেটত গ্ৰহণ কৰা হয় নতুন সিদ্ধান্ত । অনলাইন ব্যৱস্থাৰ লগতে পূৰ্বৰ মেন্যুৱেল ব্যৱস্থা অৰ্থাৎ মৌজাদাৰৰ যোগেদি খাজনা দিয়াৰ ব্যৱস্থা কৰে চৰকাৰে । অৰ্থাৎ পট্টাদাৰসকলে ই-খাজনাৰ নতুন অনলাইন ব্যৱস্থাৰ সমান্তৰালকৈ মৌজাদাৰ কাৰ্যালয়ৰ জৰিয়তেও মাটিৰ খাজনা জমা দিব পৰা পূৰ্বৰ ব্যৱস্থাও পুনৰ মুকলি কৰে ৰাজ্য চৰকাৰে ।
ই-খাজনাৰ বাবে সকলো পট্টাদাৰকে সামৰি নাম-পঞ্জীয়ন প্ৰক্ৰিয়া সম্পূৰ্ণ নোহোৱাৰ বাবেই বহু লোকে খাজনা দিব পৰা নাছিল । যাৰ বাবেই চৰকাৰে ই-খাজনাৰ সমান্তৰালকৈ মৌজাদাৰ কাৰ্যালয়ত গৈ খাজনা জমা দিয়াৰ পূৰ্বৰ ব্যৱস্থাও পুনৰ বাহাল ৰাখে । অনলাইন খাজনা জমা দিবলৈ অসুবিধাৰ সন্মুখীন হোৱা সকলো পট্টাদাৰে পূৰ্বৰ দৰে মৌজাদাৰ কাৰ্যালয়লৈ গৈ নিজৰ খাজনা সময়মতে আদায় দিয়াৰ ব্যৱস্থা কৰা হয় ।