নতুন দিল্লী: ৰঞ্জি ট্ৰফীৰ এলিট গ্ৰুপ ডি ৰ এখন খেল ৰে'লৱে আৰু দিল্লীৰ মাজত নতুন দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত বৃহস্পতিবাৰে অনুষ্ঠিত হৈছিল । শুকুৰবাৰে খেলখনৰ দ্বিতীয় দিনা ষ্টেডিয়ামত উপস্থিত থকা হাজাৰ হাজাৰ দৰ্শকে বিৰাট কোহলীৰ বেটিং নিচেই ওচৰৰ পৰা প্ৰত্যক্ষ কৰাৰ সুযোগ পায় ।
অৱশ্যে, সোঁহতীয়া তাৰকা বেটছমেনজনে তেওঁৰ সকলো অনুৰাগীক নিৰাশ কৰি মাত্ৰ 6 ৰাণতে আউট হৈ পেভিলিয়নলৈ উভতি আহে ।
Delhi crowd started leaving after Virat Kohli got out. pic.twitter.com/FynuOsVXtF
— Mufaddal Vohra (@mufaddal_vohra) January 31, 2025
6 ৰাণ সংগ্ৰহ কৰি আউট বিৰাট কোহলী
12 বছৰৰ পিছত বিৰাট কোহলীয়ে ৰঞ্জি ট্ৰফীলৈ প্ৰত্যাৱৰ্তন ঘটাইছে ৷ কিন্তু মাত্ৰ 15 টা বলত 6 ৰাণ সংগ্ৰহ কৰি আউট হয় খেলুৱৈগৰাকী ৷ ঘৰুৱা দৰ্শকৰ হৰ্ষোল্লাস আৰু এক অনন্য পৰিৱেশৰ সন্মুখত কোহলীৰ আৰম্ভণি তেনেই দুৰ্বল আছিল ৷ ৰে'লৱেৰ ফাষ্ট বলাৰ হিমাংশু চাংৱানে কোহলীৰ অফ-ষ্টাম্প বলিং ধুমুহাৰে উৰুৱাই পেলায় ৷
— Follow @Legenddhonii (@fuckusuar_) January 31, 2025
কোহলীয়ে অফ চাইডত অহা এটা লেংথ বলত শ্বট খেলাৰ চেষ্টা কৰোতে বলটো কোহলীৰ বেটৰ ওপৰেৰে গৈ অফ-ষ্টাম্পত আঘাত কৰে । খেলুৱৈগৰাকীয়ে 15 টা বলত এটা চাৰিৰ সহায়ত 6 ৰাণ সংগ্ৰহ কৰে ৷
শ’লঠেকত পেলালে দ্ৰুত বলাৰে
আউট হোৱাৰ পূৰ্বে কোহলীক দুয়োটা মূৰৰ অফ ষ্টাম্পৰ বাহিৰত বল কোবোৱাৰ ক্ষেত্ৰত দ্ৰুত বলাৰসকলে বাধা প্ৰদান কৰিছিল ৷ শেহতীয়াকৈ, অষ্ট্ৰেলিয়াত ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ সময়তো কোহলী অফ ষ্টাম্পৰ বাহিৰত বল কোবাই হেৰুৱাইছিল উইকেট ৷ সম্প্ৰতি এয়া এই বেটছমেনজনৰ বাবে আটাইতকৈ ডাঙৰ দুৰ্বলতা হৈ পৰিছে । চেম্পিয়নছ ট্ৰফী 2025 ৰ পূৰ্বে কোহলীৰ দুৰ্বল ফৰ্ম ভাৰতৰ বাবে এক চিন্তাৰ কাৰণ ।
BIG SHOCK...!!!!
— Johns. (@CricCrazyJohns) January 31, 2025
- The off stump flying of Virat Kohli. pic.twitter.com/ySpY75VHiW
হতাশ অনুৰাগীসকলে এৰিছিল ষ্টেডিয়াম
36 বছৰীয়া কোহলী আউট হোৱাৰ লগে লগে ষ্টেডিয়ামৰ পৰিস্থিতি নীৰৱ হৈ পৰিছিল ৷ এজনৰ পিছত আনজন দৰ্শকে এৰিছিল ষ্টেডিয়াম ৷ বহুতো দৰ্শকক একেলগে ষ্টেডিয়ামৰ পৰা ওলাই যোৱা দেখা গৈছিল ৷ কিয়নো প্ৰিয় খেলুৱৈৰ খেল উপভোগ কৰিবলৈ পুৱাৰ ভাগত বৃহৎ সংখ্যক জনতা উপস্থিত হৈছিল ষ্টেডিয়ামত ৷
Crowd leaving the Arun Jaitley Stadium. pic.twitter.com/Jv5Fxu0h5X
— Mufaddal Vohra (@mufaddal_vohra) January 31, 2025
লগতে পঢ়ক: দুটা বিশেষ ইভেণ্ট অবিহনে হ’ব চেম্পিয়নছ ট্ৰফী; পাকিস্তানলৈ নাযায় ৰোহিত শৰ্মা !