কাজিৰঙাত উদ্ধাৰ বনৰজাৰ মৃতদেহ - LEOPARD BODY FOUND IN KAZIRANGA

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Dec 19, 2024, 11:18 AM IST

কাজিৰঙা : কাজিৰঙাত উদ্ধাৰ হৈছে এটা বনৰজাৰ মৃতদেহ ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ পশ্চিম বনাঞ্চল বাগৰিত উদ্ধাৰ হয় এই প্ৰাপ্তবয়স্ক মতা ঢেকীয়াপতীয়া বাঘটোৰ মৃতদেহ ৷ উদ্যানৰ বনকৰ্মীয়ে বাগৰিৰ গেন্দামাৰী বন শিবিৰ এলেকাৰ পৰা উদ্ধাৰ কৰে বাঘটোৰ মৃতদেহ ৷

ইয়াৰ পাছতেই উৰ্ধতন কৰ্তৃপক্ষক বনকৰ্মীয়ে অৱগত কৰাত ঘটনাস্থলীলৈ কাজিৰঙাৰ বন সংমণ্ডল বিষয়া অৰুণ বিঘ্নেশ আৰু বাগৰিৰ বনাঞ্চলিক বিষয়া বিবিধ দিহিঙীয়াৰ নেতৃত্ব যোৱা পশু চিকিৎসকৰ দলে ঘটনাস্থলীতে মৃত ঢেকীয়াপতীয়া বাঘটোৰ মৰণোত্তৰ পৰীক্ষা কৰে ৷ কাজিৰঙাৰ বনবিভাগৰ পশু চিকিৎসক ডাঃ সৌৰভ বৰগোঁহাই, ৰাজ্যিক পশু চিকিৎসালয়ৰ চিকিৎসক ডাঃ বিশ্বজিৎ বৰুৱা আৰু পাণবাৰীস্থিত বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰৰ পশু চিকিৎসক ডাঃ নিহাৰ ওকে কৰা মৰণোত্তৰ পৰীক্ষাত পাৰস্পৰিক যুঁজতেই ঢেকীয়াপতীয়া বাঘটোৰ মৃত্যু হোৱা বুলি স্পষ্ট হয় ৷

‘‘প্ৰায় ৮ বছৰ বয়সীয়া মৃত বাঘটোৰ মূৰ আৰু শৰীৰৰ বিভিন্ন স্থানত অন্য বাঘে কৰা আক্ৰমণৰ চিন পোৱা হয় ৷ মৃত ঢেকীয়াপতীয়া বাঘটোৰ ওজন ১২৬ ৷’’ বন সংমণ্ডল বিষয়া অৰুণ বিঘ্নেশে কয় ৷ আনহাতে, NTCA ৰ নিৰ্দেশনা অনুসৰি, মৰণোত্তৰ পৰীক্ষা স্থলীতে মৃত বাঘটোক সকলোৰে উপস্থিতিত সৎকাৰ কৰা হয় ৷

লগতে পঢ়ক : দৈগ্ৰোং চাহ বাগিচাত উদ্ধাৰ অৰ্ধগলিত এটা নাহৰফুটুকী 

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.