পানেৰী সমষ্টিত কেইবা কোটিৰ আঁচনিৰ আধাৰশিলা স্থাপন

By ETV Bharat Assamese Team

Published : Feb 20, 2024, 7:43 PM IST

thumbnail

ওদালগুৰি,২০ ফেব্ৰুৱাৰী : সমাগত লোকসভা নিৰ্বাচন । তাৰ পূৰ্বে ৰাজ্যত আধাৰশিলাৰ ৰাজনীতি আৰম্ভ হৈছে । ৰাজ্যৰ বিভিন্ন প্ৰান্তত চৰকাৰে নতুন নতুন প্ৰকল্পৰ কাম আৰম্ভ কৰাৰ সমান্তৰালকৈ আধাৰশিলা স্থাপন কৰা দেখা গৈছে । তাৰ অংশ হিচাপে ওদালগুৰি জিলাৰ পানেৰী বিধানসভা সমষ্টিতো এটাৰ পিচত আন এটা নতুন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা হৈছে ।

অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে পানেৰী বিধানসভা সমষ্টিৰ বিভিন্ন স্থানত দুদিনৰ ভিতৰত কেইবাটাও পথ আৰু উন্নয়নমূলক আঁচনিৰ আধাৰশিলা স্থাপন কৰে । মঙলবাৰে পানেৰী সমষ্টিৰ অন্তৰ্গত চেউনী চ'ক, দক্ষিণ চেউনী,পুৰনী ভেৰগাঁও-নাওকাটা পথ আৰু মহলিয়াপাৰা আদিত কেইবা কোটি টকাৰ আঁচনিৰ আধাৰশিলা স্থাপন কৰে । লগতে আদৰ্শ অংগনবাড়ী কেন্দ্ৰও উদ্বোধন কৰে । বিশ্বজিৎ দৈমাৰী সৈতে বিটিআৰৰ কাৰ্যবাহী সদস্য দাওবৈচা বড়োও উপস্থিত থাকে ।

লগতে পঢ়ক :ডিব্ৰুগড় বিশ্ববিদ্যালয়ক বহুমুখী শিক্ষা আৰু গৱেষণা বিশ্ববিদ্যালয় হিচাপে উদ্বোধন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.