প্ৰতিকূল বতৰৰ মাজতেই বিশ্ব শান্তিৰ বাবে সমূহীয়া নামাজ - Eid al Adha 2024 - EID AL ADHA 2024
🎬 Watch Now: Feature Video


Published : Jun 17, 2024, 12:39 PM IST
যোৰহাট, ১৭ জুন: আজি পৱিত্ৰ ঈদ উল আজহা । বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে যোৰহাটতো উদযাপন কৰা হৈছে ঈদ উল আজহা । বিশ্বজুৰি ত্যাগ, শান্তি আৰু ভাতৃত্ববোধৰ উৎসৱ ঈদ উল আজহা উপলক্ষে পুৱাই সমূহীয়া ঈদগাহ-মছজিদত নামাজত অংশগ্ৰহণ কৰে ইছলাম ধৰ্মাৱলম্বী লোকসকলে ।
বতৰে বিধি-পথালি দিয়ে যদিও ঈদৰ এই সমূহীয়া নামাজ আদায়ৰ বাবে বিভিন্ন অঞ্চলত হিলদ'ল ভাঙি ওলাই আহে শিশুৰ পৰা আৰম্ভ কৰি বৃদ্ধলৈকে অগনন ইছলাম ধৰ্মাৱলম্বী লোক । প্ৰতিকূল বতৰৰ বাবে ৰাজ্যৰ ঠায়ে ঠায়ে ঈদৰ আনন্দ ম্লান পৰিছে যদিও তাৰ মাজতেই সকলো কাৰ্য-কৰ্ম সম্পাদন কৰি গৈছে ।
আনহাতে, পাতলীয়া বৰষুণকো নেওচি যোৰহাট নগৰ মাজমজিয়াত থকা ঈদগাহ ময়দানত সহস্ৰাধিক ইছলাম ধৰ্মাৱলম্বী লোক ওলাই আহি বিশ্ব শান্তিৰ বাবে সমূহীয়া নামাজত অংশগ্ৰহণ কৰি আল্লাহৰ ওচৰত দোৱা কৰে । আটকধুনীয়াকৈ সজাই পৰাই তোলা ঈদগাহ, মছজিদসমূহত পুৱাৰে পৰাই লানি নিছিগা সোঁত বয় ।