প্ৰচণ্ড ধুমুহাৰ কবলত জোনাই - Storm hits Jonai

By ETV Bharat Assamese Team

Published : Aug 1, 2024, 12:48 PM IST

thumbnail
প্ৰচণ্ড ধুমুহাৰ কবলত জোনাই (ETV Bharat)

জোনাই, ১ আগষ্ট : ধেমাজি জিলাৰ বিভিন্ন প্ৰান্তত বুধবাৰে মাজনিশা হঠাৎ অহা প্ৰচণ্ড ধুমুহা বৰষুণে ব্যাপক ক্ষতিসাধন কৰে । জোনাইৰ চিলে মটপুৰ গাঁৱৰ অৰ্ধ শতাধিক পৰিয়াল এই ধুমুহাৰ ফলত বিস্তৰ ক্ষতিৰ সন্মুখীন হয় । ৰাজপথত উভালি পৰিল প্ৰকাণ্ড গছ । যাৰ ফলত যাতায়াতৰ লগতে বিদ্যুৎ সেৱা ব্যাহত হৈ পৰে । ইফালে কেইবাটাও পৰিয়ালৰ বাসগৃহৰো বিস্তৰ ক্ষতি হয় । ঘৰৰ বিভিন্ন সা-সম্পত্তিৰ লগতে ভঁৰাল নষ্ট হয় ।

আনহাতে জোনাই সদৰৰ পৰা পবা বৰ্ষাৰণ্যৰ ৩ মাইল অঞ্চলৰ লগতে চিলে, মালবুক, শান্তিপুৰ আদি গাঁওসমূহলৈ যোৱা পথৰ ওপৰত প্ৰকাণ্ড গছ উভালি পৰাত বন্ধ হৈ পৰিছে যান-বাহনৰ চলাচল । পুৱাই সেই অঞ্চলত উপস্থিত হয় বন বিভাগৰ লোক । পথটো মুকলি কৰাৰ লগতে যাতায়াত ব্যৱস্থা পুনৰুদ্ধাৰৰ বাবে বন বিভাগে প্ৰচেষ্টা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক :তিনি কোটি গছপুলি ৰোপণৰ লক্ষ্যৰে আজিৰে পৰা আৰম্ভ দ্বিতীয় পৰ্যায়ৰ অমৃত বৃক্ষ আন্দোলন - AMRIT BRIKSHYA ANDOLAN 2

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.