উচ্ছেদৰ বিৰুদ্ধে মাৰ্ঘেৰিটাৰ ক'ল ইণ্ডিয়াৰ মুখ্য কাৰ্যালয়ত গোৰ্খা ছাত্ৰ সন্থাৰ প্ৰতিবাদ - Coal India - COAL INDIA

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Aug 20, 2024, 10:31 PM IST

তিনিচুকীয়া, ২০ আগষ্ট : উত্তৰ-পূব কয়লা ক্ষেত্ৰৰ মাৰ্ঘেৰিটাস্থিত মহাপ্ৰবন্ধকৰ কাৰ্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ গোৰ্খা ছাত্ৰ সন্থাৰ । লিডু ঝৰ্ণা বস্তি অঞ্চলত ক'ল ইণ্ডিয়াই উচ্ছেদ কৰিব বিচৰাৰ বিৰুদ্ধে স্মাৰক-পত্ৰ দিবলৈ যোৱা গোৰ্খা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলক মহাপ্ৰবন্ধকে দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰি গোৰ্খা ছাত্ৰ সন্থাৰ মাৰ্ঘেৰিটাৰ প্ৰতিনিধিসকলে মঙলবাৰে প্ৰতিবাদ সাব্যস্ত কৰে ।

উল্লেখ্য যে মঙলবাৰে পুৱা গোৰ্খা ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলাৰ সমিতিৰ এটা প্ৰতিনিধি দলে স্মাৰক-পত্ৰ দিবলৈ যোৱাৰ সময়ত উত্তৰ-পূব কয়লা ক্ষেত্ৰৰ মহাপ্ৰবন্ধকে দুৰ্ব্যৱহাৰ কৰা অভিযোগ গোৰ্খা ছাত্ৰ সন্থাৰ । যাৰ বাবে অৰ্ধশতাধিক গোৰ্খা ছাত্ৰ সন্থাৰ প্ৰতিবাদকাৰীয়ে মহাপ্ৰবন্ধকৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে ।

ইফালে প্ৰতিকূল বতৰৰ মাজতো অব্যাহত ৰখা এই প্ৰতিবাদী কাৰ্যসূচীয়ে কাৰ্যালয়ৰ কাম-কাজ ব্যাহত কৰে । উল্লেখ্য যে ক'ল ইণ্ডিয়াৰ এলেকাধীন লিডু ঝৰ্ণা বস্তি অঞ্চলত দীৰ্ঘদিন ধৰি বিভিন্ন লোকে বসবাস কৰি আহিছে । কিন্তু উক্ত স্থানত শেহতীয়াকৈ ক'ল ইণ্ডিয়াই ডাম্পিং এলেকা স্থাপন কৰিব বিচাৰি অঞ্চলটোৰ লোকসকলক মৌখিকভাৱে আঁ‌তৰি যাবলৈ নিৰ্দেশ দিয়ে । ফলত জাঙুৰ খাই উঠিছে স্থানীয় লোক তথা গোৰ্খা ছাত্ৰ সন্থা ।

লগতে পঢ়ক :শৰাইত গামোচা, তামোল-পাণ লৈ ক্ষমা বিচাৰিলে অনা অসমীয়া ব্যৱসায়ী সমাজে - Player Attack in Sivasagar
লগতে পঢ়ক :শৃংখল চলিহাৰ বিৰুদ্ধে ৰুজু কৰা গোচৰ প্ৰত্যাহাৰ গৌৰৱ সোমানীৰ: দেহৰক্ষী প্ৰদান সোমানীক - FIR against Shrinkhal Chaliha

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.