বেজালিৰ ছলেৰে যৌন নিৰ্যাতন চলাই আৰক্ষীৰ জালত পৰিল ভণ্ড তান্ত্ৰিক - Sexual assault case
🎬 Watch Now: Feature Video
ডিব্ৰুগড়,২৭ ছেপ্টেম্বৰ: নাৰী নিৰ্যাতনক লৈ আৰক্ষী যথেষ্ট কঠোৰ হৈছে যদিও আজিও একাংশই শিক্ষা লোৱা নাই । ৰাজ্যৰ বিভিন্ন প্ৰান্তত নাৰী নিৰ্যাতনৰ ঘটনা পোহৰলৈ অহাৰ মাজতে ডিব্ৰুগড়ত সংঘটিত হ'ল আন এক জঘন্য ঘটনা । এইবাৰ বেজালিৰ ছলেৰে অসৎ কাৰ্য সিদ্ধিৰ চেষ্টা ভণ্ড তান্ত্ৰিকৰ । ডিব্ৰুগড় বৰবৰুৱাত জামাল চৌধুৰী নামৰ এটা লম্পটে এগৰাকী অসহায় সন্তানহীন খিলঞ্জীয়া জনজাতি মহিলাক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপিত হৈছে ।
ভুক্তভোগী মহিলা গৰাকীয়ে জানিবলৈ দিয়া অনুসৰি বিবাহৰ ১০ বছৰে সন্তানহীন হৈ আছিল মহিলাগৰাকী। চিকিৎসকৰ কাষ চাপি সফলতা লাভ নকৰাত মহিলাগৰাকী কাষ চাপিছিল তান্ত্ৰিকজনৰ । মহিলা গৰাকীৰ দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰি তন্ত্ৰমন্ত্ৰৰে মহিলাগৰাকী সন্তান লাভ কৰাটো নিশ্চিত বুলি দাবী কৰি মহিলাগৰাকীৰ ওপৰত আৰম্ভ কৰিছিল বেজ বেজালি । ইয়াৰ পাছতে চকলেটত নিচাজাতীয় দ্ৰব্য মিহলাই অচেতন কৰি মহিলা গৰাকীক যৌন নিৰ্যাতন কৰিছিল । ইমানেই নহয়, মোবাইলত যৌন নিৰ্যাতনৰ ভিডিঅ' আৱদ্ধ কৰিছিল অভিযুক্ত তান্ত্ৰিকে । ইয়াৰ পিছতে তান্ত্ৰিকৰ অসৎ অভিপ্ৰায়ৰ বিষয়ে অৱগত হৈ তেওঁৰ বিৰুদ্ধে বৰবৰুৱা আৰক্ষী থানাত এজাহাৰ দাখিল কৰে ভুক্তভোগী মহিলাগৰাকীয়ে । শুকুৰবাৰে বৰবৰুৱাৰ পৰা ভণ্ড তান্ত্ৰিকটোক আৰক্ষীয়ে আটক কৰি তদন্ত আৰম্ভ কৰে ।