বিজেপি কৰ্মকৰ্তালৈ প্ৰাক্তন বিধায়কে চোঁচা লোৱাৰ অভিযোগ - LOK SABHA ELECTION 2024

By ETV Bharat Assamese Team

Published : Apr 19, 2024, 8:48 PM IST

thumbnail

লখিমপুৰ, ১৯ এপ্ৰিল: লখিমপুৰত আজি একাংশ মহিলাৰ ৰোষত পৰিল এগৰাকী প্ৰাক্তন বিধায়ক । লখিমপুৰ নগৰৰ উত্তৰ নকাড়ী প্ৰাথমিক বিদ্যালয়ৰ ভোটকেন্দ্ৰত সংঘটিত হৈছে এই অঘটন । একাংশ মহিলাৰ ৰোষত পৰিল লখিমপুৰৰ প্ৰাক্তন বিধায়ক ঘন বুঢ়াগোহাঁই । প্ৰাক্তন বিধায়কগৰাকীৰ বিৰুদ্ধে মহিলাক উদ্দেশ্য কৰি কটু মন্তব্য কৰাৰ অভিযোগ উত্থাপিত হৈছে ।

উল্লেখ্য যে একেখন বিদ্যালয়তে আছে ১৫১,১৫২,আৰু ১৫৩ নং তিনিটা ভোটকেন্দ্ৰ । একাংশ মহিলাৰ অভিযোগ অনুসৰি  উক্ত ভোটকেন্দ্ৰলৈ প্ৰাক্তন বিধায়ক ঘন বুঢ়াগোহাঁই অহাৰ সময়ত কেন্দ্রটোৰ গেটৰ সন্মুখত একাংশ বিজেপিৰ কৰ্মকৰ্তাক দেখি আঁতৰাই দিবলৈ নিৰাপত্তাৰক্ষীক কয় । এই লৈ বিজেপিৰ একাংশ কৰ্মকৰ্তাই প্ৰতিবাদ কৰে । তেওঁলোকে কেৱল কেন্দ্রটোৰ সন্মুখৰ পৰা বিজেপিৰ কৰ্মকৰ্তাকে নহয়, কংগ্রেছৰ কৰ্মকৰ্তাসকলকো আঁতৰাই নিবলৈ কয় ।  

এই কথাত জাঙুৰ খাই উঠে প্ৰাক্তন বিধায়কগৰাকী । বিজেপিৰ কৰ্মকৰ্তাসকলে অভিযোগ কৰা মতে, বুঢ়াগোহাঁয়ে এই কথাত এজন বিজেপি কৰ্মকৰ্তালৈ চোঁচা লোৱাৰ লগতে মহিলা কৰ্মকৰ্তা সকলকো ধমক দিয়াৰ লগতে কটু মন্তব্য় কৰে । বিজেপিৰ মহিলা কৰ্মকৰ্তাসকলে উভতি ধৰাৰ লগে লগে ঘন বুঢ়াগোহাঁয়ে সেই স্থান পৰিত্যাগ কৰে বুলি কয় মহিলা কৰ্মকৰ্তাসকলে । তেওঁলোকে এই সন্দৰ্ভত এক বিচাৰৰ দাবী জনাইছে ।

লগতে পঢ়ক:নিৰ্বাচনৰ কামত নিয়োজিত কৰ্মচাৰীক নিম্নমানৰ খাদ্য যোগান ধৰাৰ অভিযোগ - Lok Sabha Election 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.