দুৰ্যোগ প্ৰশমন মন্ত্ৰীৰ সমষ্টিত বানাক্ৰান্তৰ হাহাকাৰ - Assam Flood 2024 - ASSAM FLOOD 2024
🎬 Watch Now: Feature Video


Published : Aug 17, 2024, 10:49 AM IST
মৰাণ, 17 আগষ্ট: বছৰৰ দ্বিতীয়টো বানপানীত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ বিভিন্ন অঞ্চলত ৷ মাহমৰা সমষ্টিৰ অন্তৰ্গত 30 খনৰো অধিক গাঁও বুৰাই পেলাইছে দিৰৈ নৈৰ বাঢ়নী পানীয়ে । মাহমৰা সমষ্টিৰ অন্তৰ্গত বিভিন্ন স্থানত বিগত পাঁচ দিন ধৰি অপৰিৱৰ্তিত হৈ আছে বান পৰিস্থিতি । যাৰ ফলত ৰাজহ আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ মন্ত্ৰী যোগেন মহনৰ সমষ্টি মাহমৰা সমষ্টিত বানপীড়িত অঞ্চলবোৰত সৃষ্টি হৈছে অবৰ্ণনীয় পৰিস্থিতিৰ ৷
জানিব পৰা মতে, দিৰৈ নৈ আৰু দিচাং নৈৰ বাঢ়নী পানীত এতিয়াও বুৰ গৈ আছে মাহমৰা সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ কচুমাৰী, খোকামৰা, গড়বস্তি, দিৰৈ-ৰাঙলী, দেওঘৰীয়া, বৰবিল আদি অঞ্চলৰ বহু গাঁও ৷ দেওঘৰীয়া অঞ্চলত বিগত পাঁচদিন ধৰি আশ্ৰয় শিৱিৰত আছে বানত ক্ষতিগ্ৰস্ত শতাধিক পৰিয়াল ৷ সমান্তৰালভাৱে, বানত বুৰ গৈছে অঞ্চলটোৰ শ শ হেক্টৰ খেতিপথাৰ ৷ আনহাতে, কুমাৰ শিল্পৰ সৈতে জড়িত অঞ্চলটোৰ কেবাটাও পৰিয়ালৰ বহু সামগ্ৰী বানত উটি যায় ৷
বানপানীত ঘৰৰ বহু মূল্যৱান সা-সামগ্ৰীৰ লগতে পোহনীয়া জীৱ-জন্তু পৰ্যন্ত উটি যোৱাত সৰ্বস্বান্ত হৈ পৰিছে বানাক্ৰান্ত ৷ বানাক্ৰান্তক ক্ষতিপূৰণ প্ৰদান কৰিবলৈ আহ্বান জনাইছে বানপীড়িত ৰাইজে ৷