চৰকাৰী বিষয়াৰ বিৰুদ্ধে গোচৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ - Stone Syndicate in Sarupathar

By ETV Bharat Assamese Team

Published : Jul 25, 2024, 10:25 PM IST

thumbnail
চৰকাৰী বিষয়াৰ বিৰুদ্ধে গোচৰ ছাত্ৰমুক্তি সংগ্ৰাম সমিতিৰ (ETV Bharat Assam)

সৰুপথাৰ, ২৫ জুলাই : সৰুপথাৰ সমষ্টিত বনজ সম্পদ লুণ্ঠনত জড়িত থকা চৰকাৰী বিষয়াৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে গোলাঘাট জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি আকাশ দাৱে ৷ সৰুপথাৰৰ উৰিয়ামঘাট থানাত এজাহাৰ দাখিল কৰে তিনি চৰকাৰী বিষয়াৰ বিৰুদ্ধে ৷ অভিযুক্তকেইগৰাকী হ’ল ক্ৰমে উৰিয়ামঘাটৰ বীট অফিচাৰ মুনিন নাথ, খণ্ড উন্নয়ন বিষয়া তমসা দাস, এচ. ঠাকুৰীয়া ৷

দীৰ্ঘদিন ধৰি সৰুপথাৰ সমষ্টিৰ অসম-নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলত সংঘটিত অবৈধ শিলখনন আৰু ছিণ্ডিকেটৰ বিৰুদ্ধে সৰৱ হৈ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে এই এজাহাৰ দাখিল কৰে ৷ অভিযোগ অনুসৰি উৰিয়ামঘাটত অমৃত সৰোবৰৰ নামত পুখুৰী খান্দি শিলৰ বৃহৎ ছিণ্ডিকেটৰাজ গঢ়ি তুলিছে অসাধু চক্ৰই ৷ বন বিভাগৰ লগত বুজাবুজি কৰি এই ছিণ্ডিকেটৰাজ চলাই থকাৰ গুৰুতৰ অভিযোগ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ৷

সমগ্ৰ বিষয়ৰ তদন্তৰ দাবীৰে উৰিয়ামঘাট আৰক্ষী থানাত এজাহাৰ দাখিল কৰে গোলাঘাট জিলা ছাত্ৰমুক্তি সংগ্ৰাম সমিতিৰ সভাপতি আকাশ দাৱে ৷

লগতে পঢ়ক : ৰাজ্যত গোপনে গঢ়ি উঠিছে নেকি ব্ৰইলাৰ মুৰ্গীৰ ছিণ্ডিকেট ?

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.